অসম আৰক্ষীৰ নিলম্বিত ডিআইজি ৰৌণিক আলী হাজৰিকাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে৷
সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ দুৰ্নীতি নিবাৰক শাখাৰ এটা বিশেষ দলে তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি ১০৯ দিনৰ ভিতৰত দুৰ্নীতিৰ গোচৰত অভিযুক্ত নিলম্বিত আৰক্ষী বিষয়া হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰে৷
গোটটোৱে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে অন্য দুগৰাকী ব্যক্তিৰ বিৰুদ্ধেও দাখিল কৰা ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামাত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা বুলি জানিব পৰা গৈছে৷
তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি তদন্তকাৰী দলটোৱে চাৰ্জশ্বিটত উল্লেখ কৰা অনুসৰি অভিযুক্ত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ সম্পত্তি ১৮২.১৯ শতাংশ বৃদ্ধি পাইছিল৷ আৰু দলটোৱে উক্ত বৃহৎ পৰিমাণৰ সম্পত্তিৰ কোনো সঠিক উৎস সন্ধান লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে৷
আয়ৰ সৈতে অসামজঞ্জ্য তথা বেআইনীভাৱে সম্পত্তিৰ আহৰণ কৰা নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাক দুৰ্নীতিৰ অভিযোগত ২০২০ চনৰ ৫ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আৰু বৰ্তমানেও তেওঁ ন্যায়িক জিম্মাতে আছে৷
আইপিএছ ৰৌণিক আলীক গ্ৰেপ্তাৰ কৰাৰ পিছতে তৎকালীনভাৱে বলৱৎ হোৱাকৈ সীমান্ত আৰক্ষী মহাপৰিদৰ্শকৰ পদৰ পৰা নিলম্বিত কৰা হৈছিল৷
অভিযোগ অনুসৰি ৰৌণক আলী হাজৰিকাই ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে কেবাবাৰো বিদেশ ভ্ৰমণ কৰি আৰক্ষীৰ বিভাগৰ শেনদৃষ্টিত পৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















