• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

3 weeks ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

13 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

14 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

14 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

15 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

16 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

16 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

17 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

17 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

18 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

শিশুকালতে হৈছিল অনাথ

editor by editor
August 22, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ আগষ্টত প্ৰগতিশীল ডেম’ক্ৰেট আয়েশা ৱাহাবে এক উল্লেখযোগ্য জয়লাভ কৰে। কেলিফৰ্ণিয়াত অনুষ্ঠিত বিশেষ নিৰ্বাচনত জয়ী হৈ তেওঁ আমেৰিকাৰ কংগ্ৰেছৰ প্ৰথমগৰাকী আফগান-আমেৰিকান সদস্য হিচাপে ইতিহাস ৰচনা কৰে। ৩৯ বছৰীয়া আয়েশাই নিজৰ দলৰে প্ৰাৰ্থী মেলিছা হাৰ্নাণ্ডেজক ৫৩.১ শতাংশ ভোটেৰে পৰাস্ত কৰে।
এই আসনখন পূৰ্বতে কংগ্ৰেছৰ প্ৰাক্তন সদস্য এৰিক শ্বোৱালৱেলৰ আছিল। যৌ*ন অসৎ আচৰণৰ অভিযোগৰ পিছত এপ্ৰিলত এৰিকে পদত্যাগ কৰিছিল। আয়েশাই জানুৱাৰী মাহলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিব। কিন্তু কংগ্ৰেছলৈ যোৱাৰ এই যাত্ৰা আয়েছাৰ বাবে সহজ নাছিল। শৈশৱৰ পৰাই তেওঁ বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল।

সৰুতেই অনাথ হৈছিল আয়েশা

আয়েশা ৱাহাবৰ জন্ম কুইন্সত। অতি কম বয়সতে তেওঁ পিতৃ-মাতৃ দুয়োকে হেৰুৱায়। তেওঁৰ পিতৃক হ*ত্যা কৰা হৈছিল আৰু ইয়াৰ কিছুদিন পিছতে মাতৃৰো মৃ*ত্যু হয়। ইয়াৰ পিছত কেলিফৰ্ণিয়াৰ বে এৰিয়াৰ এক দম্পতীয়ে আয়েশাক তুলি লয়। শিক্ষাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট আগবাঢ়িছিল। ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ এম বি এ কৰে। পৰৱৰ্তী সময়ত সমাজ কৰ্মৰ ওপৰত ডক্টৰেট ডিগ্ৰীও লাভ কৰে।

২০১১ত আহিছিল আন এক কঠিন সময়

২০১১ত আয়েছাৰ জীৱনত পুনৰ এক কঠিন পৰিস্থিতিৰ সৃষ্টি হয়। পৰিয়ালৰ ঘৰটো ফোৰক্ল’জাৰ হয়। ইয়াৰ ফলত পৰিয়ালটোৰ আৰ্থিক সংকট আৰু অধিক বৃদ্ধি পায়। আয়েশাৰ তুলি লোৱা পিতৃ-মাতৃৰ ব্যৱসায়ো বন্ধ হৈ পৰে। তুলি লোৱা পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে সেই সময়তে আয়েশাই নিজেও চাকৰি হেৰুৱায়। ইযাৰ পিছতে পৰিয়ালটোৱে হেৱাৰ্ডলৈ স্থানান্তৰিত হয়। হেৱাৰ্ডত থকাৰ সময়ত আয়েশাই স্থানীয় পৰিষদৰ সভাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ সাধাৰণ মানুহৰ বাবে সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ দাবী উত্থাপন কৰি তেওঁ সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে।

২০১৮ চনত ৰাজনীতিত নতুন অধ্যায়

আয়েশাৰ ৰাজনৈতিক জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে ২০১৮ চনত। সেই বছৰ তেওঁ হেৱাৰ্ড চিটি কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত হয়। চিটি কাউন্সিলত থাকি তেওঁ গৃহ নিৰ্মাণ, শিক্ষা, অৰ্থনৈতিক বৈষম্য আৰু সাধাৰণ লোকৰ অধিকাৰৰ দৰে বিষয়ত কাম কৰে। ইয়াৰ পিছত ২০২২ চনত তেওঁ কেলিফৰ্ণিয়া ৰাজ্যৰ বিধানসভালৈ নিৰ্বাচিত হয়। এই জয়ৰ জৰিয়তে তেওঁ প্ৰথমগৰাকী আফগান-আমেৰিকান আৰু প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে কেলিফৰ্ণিয়া বিধানসভাত স্থান লাভ কৰে।

শক্তিশালী বাওঁপন্থী নীতিৰ সমৰ্থক

আয়েশা ৱাহাবে সদায় সাধাৰণ আৰু মধ্যবিত্ত লোকৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহক গুৰুত্ব দি আহিছে। তেওঁৰ ৰাজনৈতিক এজেণ্ডাত ‘মেডিকেয়াৰ ফৰ অল’, কোটিপতিসকলৰ ওপৰত অধিক কৰ, ছাত্ৰ ঋণ ক্ষমা, শক্তিশালী সামাজিক সুৰক্ষা ব্যৱস্থা আৰু কৰ্পৰেট ক্ষমতা নিয়ন্ত্ৰণৰ দৰে বিষয় অন্তৰ্ভুক্ত আছে। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ নিজৰ প্ৰচাৰ অভিযান আগবঢ়াইছিল আৰু ভোটাৰৰ মাজত সমৰ্থন লাভ কৰিছিল।

ৰাজনীতিৰ লগতে আয়েছা সামাজিক কামতো সক্ৰিয়। বৃদ্ধ, মহিলা আৰু শিশুৰ অধিকাৰৰ বাবে তেওঁ বহুদিন ধৰি কাম কৰি আহিছে। সুলভ মূল্যৰ গৃহ নিৰ্মাণ, নাগৰিক অংশগ্ৰহণ, শিক্ষা আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ বিষয়তো তেওঁ মাত মাতি আহিছে। আয়েশাই আলামেডা কাউণ্টি হিউমেন ৰিলেচনছ কমিছনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি আফগান ক’লিচন, এব’ড চাৰ্ভিচেছ আৰু ট্ৰাই-চিটি ভলান্টিয়াৰৰ দৰে বিভিন্ন সংস্থাৰ ব’ৰ্ডৰ সদস্য হিচাপে কাম কৰিছিল।

তেওঁ আলামেডা কাউন্টি জনস্বাস্থ্য আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছে। বে এৰিয়া মহিলা মাৰ্চতো তেওঁ বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত আফগান-আমেৰিকান নেতাসকলৰ সৈতে অনুষ্ঠিত হোয়াইট হাউছৰ গোলটেবুল বৈঠকত অংশগ্ৰহণৰ বাবেও তেওঁ নিৰ্বাচিত হৈছিল।

অনাথ শৈশৱ, আৰ্থিক সংকট, চাকৰি হেৰুওৱা আৰু পৰিয়ালৰ কঠিন সময় পাৰ হৈ আয়েশা ৱাহাবে ৰাজনীতিৰ পথত আগবাঢ়ি আহিছে। কেলিফৰ্ণিয়াৰ স্থানীয় ৰাজনীতিৰ পৰা ৰাজ্যিক বিধানসভা আৰু এতিয়া আমেৰিকাৰ কংগ্ৰেছলৈ তেওঁৰ এই যাত্ৰাই কঠিন পৰিস্থিতিৰ মাজতো লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026 - Updated on September 13, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃ-মাতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.