প্ৰতিমাহেই বেংকসমূহ বিশেষ বিশেষ দিনত বন্ধ থাকে৷ চলিত মাহতো মুঠ ১১ দিন বেংক বন্ধ থাকিব৷ এই ছুটি অৱশ্যে দেশজুৰি একে দিনাই নহয়৷ প্ৰকৃততে আৰ বি আইৰ বন্ধৰ লিষ্টত জুন মাহত মুঠ ১১ দিনৰ ছুটি আছে৷ ইয়াৰমাজতে শনি, দেওবাৰ মিলি মুঠ ৬দিন বন্ধ পাব দেশৰ বেংক কৰ্মচাৰীয়ে৷ ইয়াৰোপৰি বাকী ৫দিন বিভিন্ন ৰাজ্যত পৃথক পৃথক দিনত ছুটি আছে৷
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চৰকাৰী ছুটিৰ কেলেণ্ডাৰ অনুসৰি ২০২৬ চনৰ জুন মাহত সমস্ত বেচৰকাৰী আৰু চৰকাৰী বেংকসমূহে ৰাজ্যভিত্তিক ছুটি পালন কৰিব৷ বেংক বন্ধ থাকিলেও কিন্তু UPI, ইণ্টাৰনেট বেংকিং আৰু মোবাইল বেংকিঙৰ দৰে ডিজিটেল পৰিসেৱাসমূহ চলি থাকিব৷
জুন মাহত কোন কোন দিনত বেংক বন্ধ থাকিব?
১৫ জুন- ইয়ং মিজো এছচিয়েছনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মিজোৰামত বেংক বন্ধ থাকিব৷ ৰজা সংক্ৰান্তি উপলক্ষে একেদিনাই ভুৱনেশ্বৰতো বেংক ছুটি থাকিব৷
২৫ জুন- মহৰম উপলক্ষে বিজয়ৱাড়াত বেংক বন্ধ থাকিব৷
২৬জুন- মহৰম উপলক্ষে আগৰতলা, আইজল, বেলাপুৰ, বাংগালুৰু, ভোপাল, চেন্নাই, হায়দৰাবাদ, জম্মু, কানপুৰ, পশ্চিমবংগ, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুনদিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্ৰীনগৰত বেংক বন্ধ থাকিব৷
২৯ জুন- সন্ত গুৰু কবিৰ জয়ন্তী উপলক্ষে ২৯জুনত চিমলাৰ বেংকসমূহ বন্ধ থাকিব৷
৩০ জুন- ৰেমনা নি আঞ্চলিক চৰকাৰী ছুটিৰ বাবে মিজোৰামত বেংক বন্ধ থাকিব৷
আৰ বি আইৰ নিয়ম অনুসৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু সমস্ত দেওবাৰে সকলো বেংক বন্ধ থাকে৷ সেই কাৰণেই ৭জুন, ১৩জুন, ১৪জুন, ২১জুন, ২৭জুন আৰু ২৮জুনত বেংক বন্ধ থাকিব৷
অনলাইন বেংকিং পৰিসেৱা চলি থাকিব
বেংকৰ শাখাসমূহ বন্ধ থাকিলেও অনলাইন বেংকিং পৰিসেৱা চলি থাকিব৷ গ্ৰাহকে ইউপিআই, মোবাইল বেংকিং এপ আৰু ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে টকা ট্ৰেন্সফাৰ, বিল পৰিশোধ আৰু অন্যান্য ডিজিটেল লেনদেন কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















