অসম লাইভ২৪ঃ আজি উৰুকা। ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া। ঢেকীৰ চাপত কঁপিছে মাটি, জীয়ৰী-বোৱাৰীৰ আখলত পিঠা পনা বনোৱাৰ পূৰ্ণ প্ৰস্তুতি। পিঠাৰ গোন্ধই চুবুৰি মলমলাইছে। মুঠৰ ওপৰত মাঘ বিহুৰ বাবে চৌদিশ ওখল মাখল। বিহুত ওলগ জনোৱাটো অসমীয়াৰ অন্য এক পৰম্পৰা। মাঘ বিহুত আপোনজনক কেনেকৈ শুভেচ্ছা জনাব? জানি থওক আপোনজনক দিব পৰা কেইটামান শুভেচ্ছাবাৰ্তা।
১) মেজিৰ জুইয়ে যেন সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে। তাৰেই কামনাৰে মাঘ বিহুৰ শুভকামনা।
২) নিয়ৰ সনা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালী, আহি পালে ভোগালী। ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
৩) মেজিৰ পবিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো।
৪) এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অসূয়া-অপ্রীতি। মাঘ বিহুৰ আন্তৰিক শুভকামনা।
৫) এই ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আনন্দ আৰু উল্লাস। ভােগালী বিহুৰ আন্তৰিক ওলগ জনাইছো।
৬) প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী। ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
৭) ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো।
৮) উৰুকাৰ এই ক্ষণত সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ