যকেন্দ্ৰীয় চৰকাৰৰ মতে দেশত হিন্দুসকলেও ক্ষেত্ৰ বিশেষে ধৰ্মীয় সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে স্পষ্টকৈ কৈছে যে ৰাজ্যসমূহে হিন্দুসকলক তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদাও দিব পাৰে। কেন্দ্ৰই জনসংখ্যা, ধৰ্মীয় আৰু ভাষিক ভিত্তিত সংখ্যালঘুসকলক চিনাক্ত কৰিবলৈ আৰু ইয়াৰ ওপৰত নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এখন শপতনামা দাখিল কৰিছে। বিষয়টো এতিয়া ১০ মে’ত শুনানিৰ বাবে আহিব।
ইফালে সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন, ১৯৯২ৰ অধীনত সংখ্যালঘু মৰ্যাদা দিয়া কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বিৰুদ্ধে কৰা আবেদনৰ স্পষ্ট উত্তৰ দিবলৈ অধিক সময় দিয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ পৰা সময় বিচাৰি কৈছিল যে তেওঁ এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দাখিল কৰা শপতনামা পঢ়িবলৈ বাকী আছে সেয়ে আদালতে তেওঁলোকক শপতনামা পঢ়িবলৈ আৰু বিতৰ্ক কৰিবলৈ কিছু সময় দিয়া উচিত।
আনহাতে, ছলিচিটৰ জেনেৰেলক বিষয়টোৰ সন্দৰ্ভত কঠোৰ সমালোচনা কৰি ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত এখন দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা শপতনামা বাতৰি কাকতত প্ৰকাশ পাইছে অথচ এতিয়াও ছলিচিটৰ জেনেৰেলে এইখন পঢ়িবলৈ বাকী আছে!
লগতে পঢ়ক মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!
ইয়াৰ উত্তৰত মেহতাই কয় যে তেওঁলোকৰ ওচৰত পোৱাৰ আগতে কিছুমান পিআইএলৰ নথিপত্ৰ সংবাদ মাধ্যমৰ ওচৰলৈ যায় সেয়ে কিছুমান বিষয় সংবাদ মাধ্যমত আগতীয়াকৈ প্ৰকাশ পায়। আদালতে মেহতাক চাৰি সপ্তাহৰ সময় প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে তেতিয়ালৈকে গোচৰটোত দাখিল কৰা আন আবেদনসমূহৰ উত্তৰ দাখিল কৰিব লাগিব৷
উল্লেখ্য যে ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষানুষ্ঠান আয়োগ আইন, ২০০৪ৰ ধাৰা ২(এফ)ক প্ৰত্যাহ্বান জনাই বিজেপি নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চচতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল৷ তেওঁ আবেদনখনত কয় যে ধৰ্মীয় ভিত্তিতকৈ ৰাজ্যসমূহে জনসংখ্যাৰ ভিত্তিত চিনাক্ত কৰি সংখ্যালঘু মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
আনহাতে, বিষয়টোত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত কোৱা হৈছে যে আইন অনুসৰি ৰাজ্য চৰকাৰসমূহে হিন্দুসহ ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ক নিজ নিজ ৰাজ্যত সংখ্যালঘু হিচাপে ঘোষণা কৰিব পাৰে। উদাহৰণ স্বৰূপে কোৱা হৈছে মহাৰাষ্ট্ৰই ইহুদীসকলক সংখ্যালঘু বুলি ঘোষণা কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে ইয়াৰ ওপৰত আইন প্ৰস্তুত কৰাৰ অধিকাৰ আছে।
লগতে পঢ়ক পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!
কেন্দ্ৰই আইনখনৰ পক্ষ লৈ কয় যে এইটো স্বেচ্ছাচাৰী নহয়। কেন্দ্ৰৰ মতে ধৰ্মৰ ভিত্তিত সংখ্যালঘুৰ মৰ্যাদাই চৰকাৰৰ আঁচনিসমূহৰ বাবে যোগ্যতাৰ নিশ্চয়তা নিদিয়ে। আঁচনিসমূহ অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল আৰু সংখ্যালঘুসকলৰ মাজত দুখীয়া লোকসকলৰ সুবিধাৰ বাবে প্ৰণয়ন কৰা হয়৷
লাডাখত ১ শতাংশ, মিজোৰামত ২.৭৫ শতাংশ, লক্ষদ্বীপত ২.৭৭ শতাংশ, কাশ্মীৰত চাৰি শতাংশ, নাগালেণ্ডত ৮.৭৪ শতাংশ, মেঘালয়ত ১১.৫২ শতাংশ, অৰুণাচল প্ৰদেশত ২৯.২৪ শতাংশ, পঞ্জাৱত ৩৮.৪৯ শতাংশ আৰু মণিপুৰত ৪১.২৯ শতাংশহে হিন্দু ধৰ্মীয় লোক আছে৷ আবেদনখনৰ মতে এই ৰাজ্যসমূহত হিন্দুসকলহে ধৰ্মীয় সংখ্যালঘু মৰ্যাদা লাভ কৰিব লাগে৷
কিন্তু, কেন্দ্ৰই আইন অনুসৰি তেওঁলোকক ওপৰোক্ত ৰাজ্যসমূহত সংখ্যালঘু হিচাপে ঘোষণা কৰা নাই। সেয়ে উক্ত ৰাজ্যকেইখনত হিন্দুসকলে সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০ৰ সুৰক্ষা লাভৰ বঞ্চিত হৈছে বুলিও কোৱা হৈছে৷
আবেদনখনত লগতে কোৱা হৈছে যে কেন্দ্ৰই ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইনৰ ক্ষমতাৰ যথেষ্ট প্ৰয়োগ কৰি বৃহৎ জনসংখ্যা থকা ৰাজ্যসমূহতো মুছলমানসকলক সংখ্যালঘু বুলি ঘোষণা কৰিছে।
লগতে পঢ়ক কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ
উদাহৰণ স্বৰূপে মুছলমানসকল লক্ষদ্বীপত ৯৬.৫৮ শতাংশ, কাশ্মীৰত ৯৫ শতাংশ আৰু লাডাখত ৪৬ শতাংশ। আনহাতে তেওঁলোকৰ জনসংখ্যা নাগালেণ্ডত ৮৮.১০ শতাংশ, মিজোৰামত ৮৭.১৬ শতাংশ আৰু মেঘালয়ত ৭৪.৫৯ শতাংশ থকা খ্ৰীষ্টানসকলক সংখ্যালঘু বুলি ঘোষণা কৰা হৈছে। ঠিক একেদৰে পঞ্জাৱৰ শিখসকল ৫৭.৬৯ শতাংশ জনসংখ্যা থকাৰ পিচতো ৰাজ্যখনত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰি আছে বুলি আবেদনখনত কোৱা হৈছে৷
সেয়ে বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে হিন্দু ধৰ্মীয় লোক কমকৈ থকা ৰাজ্যসমূহত হিন্দুক ৰাজ্য চৰকাৰসমূহে সংখ্যালঘু মৰ্যাদা দি সাংবিধানিক সুৰক্ষা আৰু সুবিধাসমূহ প্ৰদান কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ