জীৱনত কেতিয়া কি পদক্ষেপ ল’ব সেয়া বুজাটো সঁচায়ে টান কাম৷ তাৰককাসকলে লোৱা একাধিক সিদ্ধান্তই কেতিয়াবা কেতিয়াবা চমকো দিয়ে৷ জনপ্ৰিয় আমেৰিকাণ ৰেপাৰ কাৰ্ডি বিৰ সিদ্ধান্তত চমকি উঠিছে অনুৰাগী৷ কাৰ্ডিয়ে জনাইছে যে, তেওঁ মাতৃ হ’বলৈ আগবাঢ়িছে এয়া তেওঁৰ বাবে সুখবৰ৷ কিন্তু ইয়াৰ লগতে আন এক খবৰ আছে যে তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ বাবে গোচৰ তৰিছে৷
৩১ বছৰীয়া কাৰ্ডিয়ে ইনষ্টাগ্ৰামযোগে তেওঁৰ প্ৰেগনেন্সী ফটোশ্বুটৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে৷ সেই ছবিৰ সৈতেই তেওঁ লিখিছে, ‘প্ৰতিটো সমাপ্তিৰ সৈতে এক নতুন আৰম্ভণিৰ কাহিনী থাকে৷’ এই লেখা লিখিয়েই তেওঁ স্বামীৰ সৈতে যে বিচ্ছেদ খাটাং সেয়া চূড়ান্ত কৰিছে৷ আহিবলগীয়া সন্তানক উদ্দেশ্যি কাৰ্ডিয়ে লিখিছে, ‘এই গ্ৰীষ্মকালতো তোমাৰ সৈতে কটাই বুজিব পাৰিছো, তুমি মোৰ জীৱনটো ভালপোৱাৰে ভৰাই তুলিছা আৰু মোক নতুনকৈ শক্তিশালী হ’বলৈ শিকাইছা৷’
২০১৭ চনত অফ ছেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাৰ্ডি৷ দম্পতিহালৰ পূৰ্বে এটি লৰা আৰু এজনী কন্যা সন্তান আছে৷ তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে কাৰ্ডি৷ সূত্ৰৰ দাবী, মাতৃ হোৱাৰ খবৰ জনোৱাৰ দিনাই বিবাহবিচ্ছেদৰ সিদ্ধান্তও জনাইছে কাৰ্ডিয়ে৷ ইয়াৰোপৰি দুই সন্তানৰ ভৰণপোষণৰ অধিকাৰ তেওঁ নিজেই ল’ব বুলিও জনাইছে৷এ ই দুই খবৰে শিল্পীৰ অনুৰাগীমহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এফালে কাৰ্ডি মাতৃ হ’ব বুলি তেওঁক অনুৰাগীয়ে শুভেচ্ছা দিছে আনহাতে একাংশই তেওঁৰ বিচ্ছেদক লৈ চৰ্চা চলোৱা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ