ভাস্কৰ জ্যোতি বৰুৱাঃ মন্ত্ৰী সঞ্জয় কিষাণক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ আলফা(স্বাঃ)ক ক্ষমা খোজাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সঞ্জয় কিষাণক এই সকীয়নি প্ৰদান কৰিছে৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক ভৱিষ্যতে এনে পন্থা নল’বলৈ সতৰ্ক কৰি দিছে৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা বিচাৰি সাংঘাতিক ভুল কৰা বুলিও মন্তব্য কৰে৷
উল্লেখ্য যে মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনৰ ওচৰত দুখ প্ৰকাশ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সঞ্জয় কিষাণক শ্ব’কজ দিছিল৷
লগতে পঢ়ক ৰোগীৰ হাত খালে কুকুৰে! তাৰ পাছত কি হ’ল?
ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয়তাবাদী দলত থাকি এনেকুৱা কাম কৰাৰ সুবিধা নাই বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্ত্ৰীগৰাকীক স্পষ্ট কৰি দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি যাবলৈ মন্ত্ৰী সঞ্জয় কিষাণক পৰামৰ্শ দিছে৷
মুখ্যমন্ত্ৰীৰ এই সকীয়নিৰ পাছত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব মন্ত্ৰী সঞ্জয় কিষাণে? অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়লৈ৷ সন্ত্ৰাসবাদী সংগঠনৰ ওচৰত আঁঠু লোৱা মন্ত্ৰী সঞ্জয় কিষাণে বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ ওচৰত ক্ষমা খুজিবনে?
আলফা (স্বাঃ)ৰ ভাবুকিত ভিতিগ্ৰস্ত হৈ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজা সঞ্জয় কিষাণে মুখ্যমন্ত্ৰীৰ এই সকীয়নিৰ পাছত দলৰ নেতৃত্বৰ ওচৰত ভুল স্বীকাৰ কৰিবনে? সেয়া জানিবলৈ পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ