আগন্তুক ১৮ অক্টোবৰত পালিত হ’ব ধনতেৰছ৷ কালীপূজাৰ দুদিন পূৰ্বে ধনতেৰছ পালিত হয়৷ কোনোবাই কিবা ক্ৰয় কৰাৰ বাবে এই দিনটো শুভ৷ ধনতেৰছত সোণ-ৰূপ ক্ৰয় কৰিলে ঘৰলৈ লক্ষ্মী আহিব বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ অনুসৰি এই বছৰ ধনতেৰছত বিপুল অৰ্থলাভৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে?
এইবছৰ ধনতেৰছত অত্যন্ত শুভ যোগ থাকিব৷ ব্ৰহ্মা যোগ আৰু অত্যন্ত বিৰল শিৱবাস যোগ থাকিব ধনতেৰছ বা ধন ত্ৰয়োদশী তিথিত৷ জানি লওক এই সকলো শুভ যোগৰ প্ৰভাৱত ধন তেৰছত লক্ষ্মীলাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
ধনতেৰছত অৰ্থলাভ মেষ ৰাশিৰ জাতকৰ
এই বছৰ ধনতেৰছত চকুত লগা উন্নতি কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ আৰ্থিক অৱস্থা মজবুত হব৷ পূৰ্বে পাবলগীয়া টকা উদ্ধাৰ কৰিব পাৰিব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ হঠাৎ কিছু অৰ্থলাভ কৰাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















