• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জীৱন পৰিক্ৰমা

নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জীৱন পৰিক্ৰমা

5 years ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

12 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

13 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

13 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

13 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

14 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

14 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

15 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

15 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

17 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

17 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

18 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জীৱন পৰিক্ৰমা

editor by editor
May 9, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জীৱন পৰিক্ৰমা
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এক দুই তিনি চাৰি (ককা দেউতা নাতি হাতী) গীতটিত অভিনয় কৰা, তাহানিৰ এই ল’ৰাজনেই আজি মুখমন্ত্ৰী। সপ্তাহ জোৰা উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে বিজেপি বিধায়িনী দলে হিমন্ত বিশ্ব শর্মাক বিধায়িনী দলৰ নেতা ৰূপে বাছনি কৰে। ৫২ বছৰ তিনিমাহ আঠ দিন বয়সৰ হিমন্তবিশ্ব শর্মাৰ জন্ম ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত।যোৰহাটত জন্ম হিমন্ত বিশ্ব শর্মাৰ। প্ৰয়াত কৈলাস নাথ শর্মা আৰু মৃণালিনী দেৱীৰ সন্তান হিমন্ত বিশ্ব শর্মা। নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়, কামৰূপ একাডেমী, কটন কলেজত শিক্ষাগ্ৰহণ কৰা হিমন্ত বিশ্ব শর্মা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ। তদুপৰি আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইছ ডি ডিগ্ৰীধাৰী ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী গৰাকী। কামৰূপ একাডেমীৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে ১৯৮২-৮৩ চনত নির্বাচিত হয়। কটন কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰূপেও নির্বাচিত হয় হিমন্ত বিশ্ব শর্মাই। লগতে সদৌ অসম ছাত্ৰ সন্থাৰেও জড়িত আছিল ডঃ শর্মা। এনেদৰেই মুকলি হৈছিল হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱনৰ দুৱাৰ। ১৯৯৪ চনত কংগ্ৰেছত যোগদান কৰে হিমন্ত বিশ্ব শর্মাই। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি ভৃগুকুমাৰ ফুকনৰ হাতত পৰাজিত হয়। ২০০১ চন, কংগ্ৰেছৰ প্ৰার্থীৰূপে জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰলৈ দিছপুৰলৈ নির্বাচিত হয় হিমন্ত বিশ্ব শর্মা। সেইবাৰ অগপৰ তৎকালীন প্ৰতাপী নেতা তথা প্ৰাক্তন মন্ত্ৰী ভৃগু কুমাৰ ফুকনক পৰাজিত কৰিছিল এইগৰাকী ন-ৰাজনীতিকে। সেয়াই আৰম্ভণি, তাৰপাছত পিছলৈ উভতি চাব লগা হোৱা নাই হিমন্তবিশ্ব শর্মাই। ইয়াৰ মাজতে ২০০১ চনতেই ৰিণিকি ভূঞাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল হিমন্ত বিশ্ব শর্মা। আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ব্লু আইড বয়লৈ ৰূপান্তৰিত হয় হিমন্ত বিশ্ব শর্মা। তৰুণ গগৈৰ তিনিটা শাসনকালত কৃষি, শিক্ষা, স্বাস্থ্য, অসমচুক্তি ৰূপায়ণ, বিত্ত আদি গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব লৈ ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰীৰূপে কার্যনির্বাহ কৰিছিল তেওঁ। কংগ্ৰেছৰ ধাৰাবাহিক তৃতীয়টো শাসন কালত তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক মনোমালিন্যৰ কথা ৰাজনীতিৰ খবৰ ৰখা সকলোৱে জানে। পৰিণতিত ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে হিমন্ত বিশ্ব শর্মাই। কংগ্ৰেছত থকা কালতেই হওক বা বিজেপিতে হওক নির্বাচনী ৰণৰ প্ৰধান সেনাপতি ৰূপে অৱতীর্ণ হৈ আহিছে হিমন্ত বিশ্ব শর্মা। মন্ত্ৰীৰূপে ডঃ শর্মাৰ দক্ষতা সর্বজনবিদিত। ক’ৰোনা কালত ৰাজ্যবাসীক অভয় প্ৰদান কৰা এইগৰাকী মন্ত্ৰীৰ দক্ষতাক নস্যাৎ কৰা সহজ নহয়। বিজেপিত যোগদানৰ পাছত উত্তৰ পূবত দলৰ সাংগঠনিক ভেটি সবল কৰাৰ বাবে যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰে হিমন্তবিশ্ব শর্মাই। নেডাৰ আহ্বায়ক ৰূপে বিজেপিক উত্তৰ পূবত সবল স্থিতি প্ৰদান কৰা, ৰাজ্যত দ্বিতীয়বাৰৰ বাবে দলক শাসনলৈ অনা হিমন্ত বিশ্ব শর্মাক আজি দলে পুৰস্কৃত কৰিলে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই। ডঃ শর্মাৰো দীর্ঘদিনীয়া সপোন পূৰণ হ’ল। ২০১৬ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত সর্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদি গুৰুত্বপুর্ণ পদবীত কার্যনির্বাহ কৰা হিমন্ত বিশ্ব শর্মাক দেশৰ যি কোনো ৰাজ্যৰ নির্বাচনকালীন পৰিৱেশত বিজেপিয়ে আমন্ত্ৰিত প্ৰচাৰকৰূপে নিয়োজিত কৰি আহিছে। মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আদিত এন ডি এৰ চৰকাৰ গঠনত শর্মাৰ ভূমিকা সকলোৱে জানে। ৰাজনৈতিক জগতখনৰ উপৰি খেল জগতৰ সৈতেও জড়িত হিমন্ত বিশ্ব শর্মা। দেশৰ বেডমিণ্টন সংস্থাৰ সভাপতি, অসম বেডমিণ্টন সংস্থাৰ সভাপতি, অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি আদি পদত কার্য নির্বাহক কৰিছে এই গৰাকী দক্ষ ৰাজনীতিকে। ৰাজ্যৰ সংকট কালত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণত তৰুণ গগৈয়ে হওক বা সর্বনন্দ সোণোৱালেই হওক কোনোগৰাকী মুখ্যমন্ত্ৰীয়ে উপেক্ষা কৰিব পৰা নাছিল হিমন্ত বিশ্ব শর্মাক। অভিজ্ঞতাপুষ্ট এইগৰাকী দক্ষৰাজনীতিকৰ নাম বিদায়ী মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে বিধায়িনী দলৰ বৈঠকত নিজেই বিধায়িনী দলৰ নেতাৰূপে প্ৰস্তাৱ কৰে। সোণোৱালৰ প্ৰস্তাৱক সমর্থন জনায় বিধায়ক ৰঞ্জিৎ কুমাৰ দাস আৰু নন্দিতা গালোর্ছাই, লগে লগে ৰাজ্যবাসীয়ে বিচাৰি থকা সেই গতিশীল মুখ্যমন্ত্ৰীগৰাকী সর্বানন্দ সোণোৱালৰ স্থলাভিষিক্ত হোৱাতো নিশ্চিত হ’ল। গামোছা পিন্ধাই নতুন মুখ্যমন্ত্ৰীক আদৰিলে বিদায়িয়ে। সোমবাৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰূপে শপত লৈ নতুন চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শর্মাই। পাৰিবাৰিক জীৱনতো সফল স্বামী আৰু সফল অভিভাৱক হিমন্ত বিশ্ব শর্মা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cmhimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
Next Post
ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা

ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা

দিছপুৰৰ পুৰণি আৱাসেই ঠিকনা হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিছপুৰৰ পুৰণি আৱাসেই ঠিকনা হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.