অসম লাইভ ২৪ঃ আজি ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰাব মুখ্যমন্ত্ৰীগৰাকীক। শপত গ্ৰহণৰ পূৰ্বে দৌলগোবিন্দ মন্দিৰত সেৱা লৈ মা কামাখ্যাৰ আশীষ লয় হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ সকলোৰো সুখ-শান্তি আৰু সমৃদ্ধিৰ আশাৰে সেৱা লয় হিমন্ত বিশ্ব শৰ্মাই। কোভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হ’ব শপত গ্ৰহণ অনুষ্ঠান। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰিব মুখ্যমন্ত্ৰীৰ লগতে ১৪ জনীয়া মন্ত্ৰী পৰিষদে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মাতৃ মৃণালিনী দেৱী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ