এদিন দুদিন নহয়, ১৬ দিন ধৰি বিভ্ৰান্ত কৰি ৰাখিছিল আৰক্ষীক৷ ওলোৱা নাছিল কোনো শুং সূত্ৰ৷ সকলোৱে ধাৰণা কৰিছিল, স্বামী ৰাজাৰ দৰেই কোনোবাই সোনমকো হত্যা কৰি পেলালে৷ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা মেঘালয়লৈ ফুৰিবলৈ আহি হেৰাই গৈছিল ৰাজা ৰঘূবংশী আৰু সোনম৷ নিৰুদ্দেশৰ ১১ দিন পাছত ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ পৰা উদ্ধাৰ হয় ৰাজা ৰঘূবংশীৰ দেহ৷ ৰাজাৰ দেহ উদ্ধাৰৰ পাছৰে পৰা আৰক্ষীয়ে বিচাৰি ফুৰিছিল সোনমক৷ আৰক্ষীয়ে ধাৰণা কৰিছিল সোনমক কোনোবা দুষ্কৃতীকাৰীয়ে অপহৰণ কৰিছে৷ শেষত ১৬ দিনৰ পাছত ঘটনাই ল’লে পৃথক মূৰ৷ অৱশেষত সাফল্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে৷ সোনমে অৱশেষত নিজেই ধৰা দিলে আৰক্ষীৰ ওচৰত৷ কিয় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল সোনম?
মেঘালয় আৰক্ষীৰ তদন্তত প্ৰথম সোনমৰ ওপৰত সন্দেহ উপজিছিল বিগত ৭ জুনত৷ স্থানীয় এক ট্যুৰ গাইডে জনাইছিল যে তেওঁ ২৩মে ৰ পুৱা ৰাজা-সোনমক দেখা পাইছিল৷ লগত আছিল আৰু ৩ ব্যক্তি৷ তেওঁলোকে হিন্দীত কথা পাতিছিল৷ অৰ্থাৎ স্থানীয় কোনো ব্যক্তি নাছিল সেই তিনি ব্যক্তি৷ তেতিয়াই আৰক্ষীৰ সন্দেহ আহিছিল সোনমৰ ওপৰত৷ অপৰিচিত সেই হিন্দীভাষী তিনি ব্যক্তিক বিচাৰি আৰক্ষীৰ দল গৈছিল ইন্দোৰলৈ৷
আৰক্ষীৰ হাতত পৰিছিল এখন তেজলগা দা আৰু এটা ৰেইনকোট৷ যি হোম ষ্টেত নৱদম্পতি আছিল তাতেই চিচিটিভি ফুটেজত দেখা গৈছিল সোনমে সেই ৰেইনকোট পৰিধান কৰি আছে৷ আৰক্ষীৰ সন্দেহ তেতিয়া আৰু বাঢ়ি যায়৷ ফুৰিবৰ বাবে স্কুটিও ভাড়া লৈছিল সোনম-ৰাজাই৷ সেই স্কুটিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ তাত ইতিমধ্যে চাবি লগাই থোৱা আছিল৷
দেওবাৰে নিশা ১ বজাত উত্তৰপ্ৰদেশৰ গাজিপুৰৰ এখন ধাবাত দেখা যায় সোনমক৷ ধাবাৰ মালিক ছাহিল যাদৱে আৰক্ষীৰ ওচৰত জনাইছে সবিশেষ তথ্য৷ ধাবাৰ মালিকেই আৰক্ষীক ফোন কৰি সোনমৰ খবৰ দিছিল বুলি দাবী কেইবাটাও সূত্ৰৰ৷ ছাহিলে নিজেও সংবাদমাধ্যমৰ আগত কয়-নিশা ১ বজাত কান্দি কান্দি সেই ধাবালৈ আহিছিল সোনম৷ ঘৰত ফোন কৰিব খুজিছিল৷ ছাহিলে নিজৰ ফোন সোনমক দিছিল৷ তাৰ পৰাই পৰিয়ালৰ সৈতে কথা পাতিছিল সোনমে৷ ছাহিলৰ ফোনত সেই নম্বৰ বৰ্তমানো আছে৷ ইন্দোৰৰ সোনমৰ ঘৰৰ পৰাও ফোন অহাৰ খবৰ আৰক্ষীৰ হাতত পৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















