মঙলবাৰে পঞ্জাৱৰ জৱাহৰ কে গাঁৱত দুৰ্বৃত্তৰ গুলীত নিহত হোৱা গায়ক-ৰাজনীতিবিদ সিদ্ধু মুছৱালাৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়।
ইয়াৰ পূৰ্বে আজি পৰিয়ালৰ লোকে সিদ্ধুৰ মৃতদেহ কঠোৰ নিৰাপত্তাৰক্ষীৰ মাজৰে মানসা অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যায়।
লগতে পঢ়ক ‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?
কিছু আত্মীয়ৰ সৈতে মুছৱালাৰ পিতৃয়ে পুৱা প্ৰায় ৮:১৫ বজাত মানসা অসামৰিক চিকিৎসালয়ৰ পৰা পুত্ৰৰ মৃতদেহ গ্ৰহণ কৰে, য’ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছিল।
মুছৱালাৰ মৃতদেহটো তেওঁৰ প্ৰিয় ট্ৰেক্টৰ আৰু এখন ট্ৰলীৰে দাহস্থলীলৈ লৈ যোৱা হয়। ট্ৰেক্টৰখন ফুলেৰে সজাই থোৱা হৈছিল। তেওঁৰ পিতৃৰ লগত আছিল পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী ৰাজা ৱাৰিংকে ধৰি আন বহু কংগ্ৰেছ নেতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ