অসম লাইভ ২৪ঃ মৰ্ত্যলৈ দুৰ্গতিনাশিনী। এইবাৰ হাতীৰে মৰ্ত্যলৈ আহিছে দেৱী। কিন্তু খালী হাতে আহেনে দেৱী? নাহে, কথাতেই কোৱা হয় কাৰোবাৰ ঘৰলৈ গ’লে খালী হাতে যাব নালাগে। মা দূৰ্গাইয়ো যেন সেই কথা আখৰে আখৰেই মানি চলে। বছৰত এবাৰ মৰ্ত্যলৈ অহা দেৱী দূৰ্গাই দহোখন হাততেই লৈ আহে ১০ টাকৈ অস্ত্ৰ। দহখন হাতত থকা ১০টা অস্ত্ৰই আমি দেখো। কিন্তু এই অস্ত্ৰ কি কি? হয়তো আমি বহুতেই নাজানো।
শাস্ত্ৰত উল্লেখ থকা অনুযায়ী, অসুৰৰ অত্যাচাৰত যেতিয়া দেৱতাসকলে প্ৰাণ ৰক্ষাৰ বাবে বিষ্ণু, মহেশ্বৰৰ শৰণাপন্ন হ’ল তেতিয়াই সকলো দেৱতাৰ বীৰ্যৰে জন্ম হৈছিল দেৱী দূূৰ্গাৰ। অসুৰ নিধনৰ বাবেই দেৱী দূৰ্গাৰ অবিৰ্ভাৱ। সেয়ে দেৱী দূৰ্গাৰ প্ৰথম পৰিচয় ১০ খন হাতত থকা ১০ টা অস্ত্ৰ। দেৱী দূৰ্গাৰ জন্মৰ পিছতেই দেৱতাসকলে দূৰ্গাৰ দহোখন হাত অস্ত্ৰৰে সজাই তুলিছিল। দেৱীৰ ১০খন হাতত কি কি অস্ত্ৰ তুলি দিছিল জানেনে?
দেৱীৰ ১০খন হাততেই অস্ত্ৰ থাকে এনে নহয়। থাকে অন্যান্য কিছু সা-সৰঞ্জামো। সেই সা-সৰঞ্জামে মানসিক শক্তি বৃদ্ধিৰ উপকৰণ হিচাপে কাম কৰে। দূৰ্গা দেৱীৰ প্ৰতিমালৈ চালে পোনতেই তেওঁৰ হাতত থকা ত্ৰিশূলডালতেই চকু পৰে। যি অস্ত্ৰৰে মহিষাসুৰক দেৱীয়ে বধ কৰিছিল। সেই ত্ৰিশূল দেৱীক প্ৰদান কৰিছিল তেওঁৰ স্বামী শিৱই। ত্ৰিশূলৰ তিনিটা শূলে ত্ৰি বস্তুৰ ইংগিত বহন কৰে। সত্ত্ব, ৰজ আৰু তম এই ত্ৰিগুণৰ প্ৰতীক থাকিলেহে তাক ত্ৰিশূল হিচাপে ধৰা হয়। আনহাতে একাংশই ত্ৰিশূলক তিনিটা শূল অৰ্থাৎ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ প্ৰতীক বুলিও ক’ব খোজে।
দেৱীৰ হাতত ত্ৰিশূলৰ উপৰিও থাকে এডাল সাপ। সাপো দূৰ্গা দেৱীৰ স্বামী শিৱই তেওঁক দিয়া বুলি কোৱা হয়। সাধনাৰ ক্ষেত্ৰত সাপক কুলকুণ্ডলিনী শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। সাধকসকলে চূড়ান্ত প্ৰযায়ৰ মানসিক শক্তি লাভ কৰাৰ পিছতহে এই কুলকুণ্ডলিনী জাগ্ৰত হয় বুলি শাস্ত্ৰত উল্লেখ আছে।
ইপিনে দূৰ্গাক বিষ্ণুৱে প্ৰদান কৰিছিল সুদৰ্শন চক্ৰ। সুদৰ্শন চক্ৰত ১০৮ টা ধৰাল ফলা আছে। শাস্ত্ৰমতে সুদৰ্শন চক্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক অৰ্থাৎ দেৱীৰ শক্তিৰ কেন্দ্ৰস্থল। দেৱীক কেৱল দেৱতাই অস্ত্ৰ দিছিল এনে নহয়। যমৰাজেও দেৱীক অস্ত্ৰ প্ৰদান কৰিছিল। যমৰাজে দেৱীক আগবঢ়াইছিল এটা গদা। যিয়ে সকলো মোহ মুহূৰ্ততে চুৰ্ণ কৰিব পাৰে। যমৰাজে গদাৰ উপৰিও দেৱীক এখন তৰোৱাল প্ৰদান কৰিছিল। তৰোৱালক মৃ্ত্যুৰ পৰিচায়ক বুলিও ক’ব পাৰি। যাক পুৰাণত ন্যায়ৰ বিচাৰক বুলিও কোৱা হয়। ইপিনে বিশ্বকৰ্মাইয়ো দেৱীক প্ৰদান কৰিছিল কুঠাৰসহ বহুকেইপদ অস্ত্ৰ। বিশ্বকৰ্মাই প্ৰদান কৰা কুঠাৰ একাধাৰে নিৰ্মাণ আৰু ধ্বংসৰ প্ৰতীক।
দেৱীক ধনুৰ্বাণ প্ৰদান কৰিছিল বায়ুদেৱতা পৱনে। ধনুৰ্বাণে গতিশক্তিৰ প্ৰমাণ দিয়ে। আনহাতে অগ্নিদেৱতাই দূৰ্গাক প্ৰদান কৰিছিল অগ্নি। অগ্নিয়ে অশুভ, ক্লেদ আদি দহন কৰে। অগ্নি জ্ঞানৰো প্ৰতীক। অগ্নিক প্ৰাকৃতিক শক্তিৰো প্ৰতীক বুলি শাস্ত্ৰই ক’ব খোজে। মানৱসভ্যতা আৰম্ভ হৈছিল অগ্নিৰ আশীৰ্বাদত বুলি একাংশ ধৰ্মগ্ৰন্থত কোৱা হয়। দেৱীৰ হাতত আছে ইন্দ্ৰই প্ৰদান কৰা বজ্ৰও।
উল্লেখ্য যে জলদেৱতাই দেৱীক প্ৰদান কৰিছিল শঙ্খ। যি কোনো মাঙ্গলিক কাম-কাজৰ অথৱা যুদ্ধৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হয়।শঙ্খক জীৱজগতত প্ৰাণৰ সূচনাৰ প্ৰতীক বুলিও কোৱা হয়। ব্ৰহ্মাই দেৱীক প্ৰদান কৰিছিল পদ্ম আৰু কমণ্ডলু। পদ্মই নিৰ্মল, সুন্দৰ, চৈতন্যৰ প্ৰতীক বুজাই। দৰাচলতে দেৱী দুৰ্গাৰ হাতত থকা অস্ত্ৰবোৰ কেৱল একোটা ৰূপক। এই দহো অস্ত্ৰই মনৰ অন্ধকাৰ আৰু জেদ আঁতৰ কৰে। অপায়-অমঙ্গল নাশ কৰি দেৱীয়ে ধৰালৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনে বুলি এক লোকবিশ্বাস যুগে যুগেই চলি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ