• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

4 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

13 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

42 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

60 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?

editor by editor
September 25, 2022
in অসম, বিবিধ, বিশ্ব, ভাৰত
0
মৰ্ত্যলৈ দেৱী, আৰম্ভ নৱৰাত্ৰী… দহো হাতত কি কি অস্ত্ৰ লৈ মৰ্ত্যলৈ আহে দেৱী?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰ্ত্যলৈ দুৰ্গতিনাশিনী। এইবাৰ হাতীৰে মৰ্ত্যলৈ আহিছে দেৱী। কিন্তু খালী হাতে আহেনে দেৱী? নাহে, কথাতেই কোৱা হয় কাৰোবাৰ ঘৰলৈ গ’লে খালী হাতে যাব নালাগে। মা দূৰ্গাইয়ো যেন সেই কথা আখৰে আখৰেই মানি চলে। বছৰত এবাৰ মৰ্ত্যলৈ অহা দেৱী দূৰ্গাই দহোখন হাততেই লৈ আহে ১০ টাকৈ অস্ত্ৰ। দহখন হাতত থকা ১০টা অস্ত্ৰই আমি দেখো। কিন্তু এই অস্ত্ৰ কি কি? হয়তো আমি বহুতেই নাজানো।

শাস্ত্ৰত উল্লেখ থকা অনুযায়ী, অসুৰৰ অত্যাচাৰত যেতিয়া দেৱতাসকলে প্ৰাণ ৰক্ষাৰ বাবে বিষ্ণু, মহেশ্বৰৰ শৰণাপন্ন হ’ল তেতিয়াই সকলো দেৱতাৰ বীৰ্যৰে জন্ম হৈছিল দেৱী দূূৰ্গাৰ। অসুৰ নিধনৰ বাবেই দেৱী দূৰ্গাৰ অবিৰ্ভাৱ। সেয়ে দেৱী দূৰ্গাৰ প্ৰথম পৰিচয় ১০ খন হাতত থকা ১০ টা অস্ত্ৰ। দেৱী দূৰ্গাৰ জন্মৰ পিছতেই দেৱতাসকলে দূৰ্গাৰ দহোখন হাত অস্ত্ৰৰে সজাই তুলিছিল। দেৱীৰ ১০খন হাতত কি কি অস্ত্ৰ তুলি দিছিল জানেনে?

দেৱীৰ ১০খন হাততেই অস্ত্ৰ থাকে এনে নহয়। থাকে অন্যান্য কিছু সা-সৰঞ্জামো। সেই সা-সৰঞ্জামে মানসিক শক্তি বৃদ্ধিৰ উপকৰণ হিচাপে কাম কৰে। দূৰ্গা দেৱীৰ প্ৰতিমালৈ চালে পোনতেই তেওঁৰ হাতত থকা ত্ৰিশূলডালতেই চকু পৰে। যি অস্ত্ৰৰে মহিষাসুৰক দেৱীয়ে বধ কৰিছিল। সেই ত্ৰিশূল দেৱীক প্ৰদান কৰিছিল তেওঁৰ স্বামী শিৱই। ত্ৰিশূলৰ তিনিটা শূলে ত্ৰি বস্তুৰ ইংগিত বহন কৰে। সত্ত্ব, ৰজ আৰু তম এই ত্ৰিগুণৰ প্ৰতীক থাকিলেহে তাক ত্ৰিশূল হিচাপে ধৰা হয়। আনহাতে একাংশই ত্ৰিশূলক তিনিটা শূল অৰ্থাৎ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ প্ৰতীক বুলিও ক’ব খোজে।

দেৱীৰ হাতত ত্ৰিশূলৰ উপৰিও থাকে এডাল সাপ। সাপো দূৰ্গা দেৱীৰ স্বামী শিৱই তেওঁক দিয়া বুলি কোৱা হয়। সাধনাৰ ক্ষেত্ৰত সাপক কুলকুণ্ডলিনী শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। সাধকসকলে চূড়ান্ত প্ৰযায়ৰ মানসিক শক্তি লাভ কৰাৰ পিছতহে এই কুলকুণ্ডলিনী জাগ্ৰত হয় বুলি শাস্ত্ৰত উল্লেখ আছে।

ইপিনে দূৰ্গাক বিষ্ণুৱে প্ৰদান কৰিছিল সুদৰ্শন চক্ৰ। সুদৰ্শন চক্ৰত ১০৮ টা ধৰাল ফলা আছে। শাস্ত্ৰমতে সুদৰ্শন চক্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক অৰ্থাৎ দেৱীৰ শক্তিৰ কেন্দ্ৰস্থল। দেৱীক কেৱল দেৱতাই অস্ত্ৰ দিছিল এনে নহয়। যমৰাজেও দেৱীক অস্ত্ৰ প্ৰদান কৰিছিল। যমৰাজে দেৱীক আগবঢ়াইছিল এটা গদা। যিয়ে সকলো মোহ মুহূৰ্ততে চুৰ্ণ কৰিব পাৰে। যমৰাজে গদাৰ উপৰিও দেৱীক এখন তৰোৱাল প্ৰদান কৰিছিল। তৰোৱালক মৃ্ত্যুৰ পৰিচায়ক বুলিও ক’ব পাৰি। যাক পুৰাণত ন্যায়ৰ বিচাৰক বুলিও কোৱা হয়। ইপিনে বিশ্বকৰ্মাইয়ো দেৱীক প্ৰদান কৰিছিল কুঠাৰসহ বহুকেইপদ অস্ত্ৰ। বিশ্বকৰ্মাই প্ৰদান কৰা কুঠাৰ একাধাৰে নিৰ্মাণ আৰু ধ্বংসৰ প্ৰতীক।

দেৱীক ধনুৰ্বাণ প্ৰদান কৰিছিল বায়ুদেৱতা পৱনে। ধনুৰ্বাণে গতিশক্তিৰ প্ৰমাণ দিয়ে। আনহাতে অগ্নিদেৱতাই দূৰ্গাক প্ৰদান কৰিছিল অগ্নি। অগ্নিয়ে অশুভ, ক্লেদ আদি দহন কৰে। অগ্নি জ্ঞানৰো প্ৰতীক। অগ্নিক প্ৰাকৃতিক শক্তিৰো প্ৰতীক বুলি শাস্ত্ৰই ক’ব খোজে। মানৱসভ্যতা আৰম্ভ হৈছিল অগ্নিৰ আশীৰ্বাদত বুলি একাংশ ধৰ্মগ্ৰন্থত কোৱা হয়। দেৱীৰ হাতত আছে ইন্দ্ৰই প্ৰদান কৰা বজ্ৰও।

উল্লেখ্য যে জলদেৱতাই দেৱীক প্ৰদান কৰিছিল শঙ্খ। যি কোনো মাঙ্গলিক কাম-কাজৰ অথৱা যুদ্ধৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হয়।শঙ্খক জীৱজগতত প্ৰাণৰ সূচনাৰ প্ৰতীক বুলিও কোৱা হয়। ব্ৰহ্মাই দেৱীক প্ৰদান কৰিছিল পদ্ম আৰু কমণ্ডলু। পদ্মই নিৰ্মল, সুন্দৰ, চৈতন্যৰ প্ৰতীক বুজাই। দৰাচলতে দেৱী দুৰ্গাৰ হাতত থকা অস্ত্ৰবোৰ কেৱল একোটা ৰূপক। এই দহো অস্ত্ৰই মনৰ অন্ধকাৰ আৰু জেদ আঁতৰ কৰে। অপায়-অমঙ্গল নাশ কৰি দেৱীয়ে ধৰালৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনে বুলি এক লোকবিশ্বাস যুগে যুগেই চলি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা…

অসমীয়া ভাষাৰ উত্তৰণমুখী যাত্ৰা! প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাততো হেমকোষৰ কথা...

আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.