অসম লাইভ ২৪ঃ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ কাষ চাপিল। দৈনিক আক্ৰান্ত হৈছে ২০০-৩০০ লোক। সংক্ৰমণৰ অত্যধিক ভয়াৱহ ৰূপ লৈছে গুৱাহাটীত। ক’ৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনত জিলাই জিলাই লকডাউনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। উপায়ুক্তসকলক প্ৰয়োজন সাপেক্ষে লকডাউনৰ কর্তৃত্ব দিছে চৰকাৰে। কোনা স্থানত ১০-১২ টা গণসংক্ৰমণৰ ঘটনা পোহৰলৈ আহিলে লকডাউনৰ সিদ্ধান্ত ল’ব পাৰিব উপায়ুক্তই। ইতিমধ্যে লখিমপুৰ জিলাৰ গোগামুখত প্ৰশাসনে এসপ্তাহৰ লকডাউন ঘোষণা কৰিছে। তদুপৰি ডিমা হাচাওত ১৪ দিনৰ লকডাউন প্ৰশাসনে ঘোষণা কৰিছে। আজিৰ পৰা ডিমা-হাচাওত আৰম্ভ হ’ল ১৪ দিনীয়া লকডাউন।গুৱাহাটীত অব্যাহত আছে লকডাউন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ