কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব
প্ৰেম এটা আচৰিত অনুভৱ, মাত্ৰ কথা ক’লেই মুখত হাঁহি বিৰিঙাই দিয়ে। প্ৰতিটো সম্পৰ্কতে প্ৰেম থাকিব লাগিব। ইয়াৰ ফলত সম্পৰ্কৰ আয়ুস বৃদ্ধি পায়। একে সময়তে প্ৰেম নথকা মানুহৰ মাজত দীৰ্ঘম্যাদী সম্পৰ্কৰ সম্ভাৱনাও কমি যায়। কাইলৈৰ ১৮ জুন তাৰিখ মঙলবাৰ প্ৰেমৰ ক্ষেত্ৰত বহু কেইটা ৰাশিৰ লোকৰ বাবে হ’বলৈ গৈ আছে বিশেষ-
১- বৃষ ৰাশি
বিবাহিত লোকৰ পাৰিবাৰিক জীৱন ভাল হ’ব পাৰে। যদি আপুনি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে মতানৈক্য সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে পুনৰবাৰ আপোনাৰ প্ৰেম জীৱনলৈ সুখ ঘূৰি আহিব। অবিবাহিত ছোৱালীৰ বাবে বিয়া নামিব পাৰে।
ভাগ্যৰ ৰং- গোলাপী, ভাগ্যৰ সংখ্যা- ৭
২- কৰ্কট ৰাশি
বিবাহিত লোকৰ জীৱন ৰোমান্টিক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীয়ে আপোনাক ২ৰ পৰা ৩ দিনৰ বাবে ক’ৰবালৈ নিয়াৰ পৰিকল্পনা কৰিব পাৰে। একে সময়তে সন্ধিয়া প্ৰিয়জনৰ লগত ডেটিঙতো যাব পাৰে।
ভাগ্যৰ ৰং- সেউজীয়া, ভাগ্যৰ সংখ্যা- ৯
৩- সিংহ ৰাশিৰ
দৈনন্দিন উত্তেজনাৰ পৰা আঁতৰি আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো ভাল লাগিব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা মানুহৰ বিবাহ নিশ্চিত কৰিব পাৰি।
ভাগ্যৰ ৰং- হালধীয়া, ভাগ্যৰ সংখ্যা- ৪
৪- বৃশ্চিক ৰাশি
মঙলবাৰে বৃশ্চিক ৰাশিৰ লোকে তেওঁলোকৰ প্ৰকৃত প্ৰেম ঘূৰাই পাব পাৰে। যদি যোৱা দুমাহৰ পৰা তিনিমাহত ব্ৰেকআপ হৈছিল তেন্তে সোনকালে পেচ আপ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনতো সুখ আহিব পাৰে। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ঘনিষ্ঠতা বাঢ়িব।
শুভ ৰং- ৰঙা, ভাগ্যৰ সংখ্যা- ৮
৫- ধনু ৰাশি
দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা মানুহৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীয়ে আপোনাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। বিবাহিত মানুহে বাহিৰলৈ আহাৰ খাবলৈ যোৱাৰ কথা ভাবিব পাৰে।
ভাগ্যৰ ৰং- বাদামী, ভাগ্যৰ সংখ্যা- ৫
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















