অসম লাইভ ২৪ঃ আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন অসমৰ দুই তাৰকা লাভলিনা বৰগোঁহাই আৰু শিৱ থাপাৰ৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ বিজয়ী লাভলিনাক পোনে পোনে আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ ভাৰতীয় দলত স্থান দিছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই৷ টকিঅ’ অলিম্পিকত দেখুওৱা সফলতাৰ বাবে অৰ্জুন বঁটা বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইলৈ এই সন্মান জনাইছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই৷ আনহাতে, ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জনেৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে শিৱ থাপাই৷ ছাৰ্বিয়াত ২১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ অনুষ্ঠিত হ’ব আইবা বিশ্ব চেম্পিয়নশ্বিপ৷ সম্প্ৰতি বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত লাভলিনা বৰগোঁহাই আৰু শিৱ থাপা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















