অসম লাইভ ২৪ঃ ভাৰতৰ ষ্টাৰ বক্সাৰ মেৰীকমে টকিঅ’ অলিম্পিকৰ মহিলা বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। শনিবাৰে অলিম্পিকত ভাৰত্তোলক মীৰাবাই চানুই ৰূপৰ পদক লাভ কৰিছে। ইপিনে বক্সাৰ মেৰীকমে পদকৰ ফালে আৰু এখোজ আগবাঢ়িছে। টকিঅ’ অলিম্পিকত মেৰীকমে প্ৰথম মেচত বিজয় সাব্যস্ত কৰে। দেওবাৰে ৫১ কেজিৰ ফ্লাইটৱেট শাখাৰ ৰাউণ্ড ৩২ৰ প্ৰতিযোগিতাত মেৰীকমে ড’মিনিকা গণৰাজ্যৰ হার্ণাণ্ডেজ গার্চিয়াক ৪-১ৰ ব্যৱধানত পৰাজিত কৰে। এই জয়ৰ সৈতে মেৰীকমে প্ৰি-কোৱার্টাৰত প্ৰৱেশ কৰে। প্ৰতিযোগিতাৰ পূর্বে মেৰিকমে কয় যে আমাৰ মণিপুৰৰ মানুহ শক্তিশালী। আমি সুবিধাৰ দ্বাৰা ইয়াত উপনীত হোৱা নাই। যেতিয়ালৈকে নিজৰ লক্ষ্যত উপনীত নহওঁ, আমি তেতিয়ালৈকে কষ্ট কৰি থাকো। লগতে তেওঁ উল্লেখ যে MC যদি মেৰী কম হয়, তেনহ’লে MC মানে মীৰাবাঈ চানুও হয়। মেৰী কমে আৰু কয় যে কেৱল অলিম্পিক সোণৰ অভাৱ আছে, ক’ৰোনা আৰু অন্য বাধা নেওচি হ’লেওঁ সেয়াই নিবলৈ ইয়ালৈ (টকিঅ’) আহিছো। উল্লেখ্য যে মেৰী কমৰ আগন্তুক প্ৰতিযোগিতা ২৯ জুলাই অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ