অসম লাইভ ২৪ঃ ধনৰ অভাৱত ICUৰ পৰা আধাতে উলিয়াই অনা মৃত্যুমুখী ৰোগী ঘৰলৈ আহি হৈ পৰে সম্পূৰ্ণ সুস্থ৷ ৬ দিন পৰ্যন্ত চিকিৎসকে ICUত ৰাখিছিল চাবুৱাৰ ৰবীন গোহাঁইক৷ ভেণ্টিলেটৰ খুলি দিলেই আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি চিকিৎসকে নিশ্চিতকৈ জনাইছিল ৰোগীৰ আত্মীয়ক৷ কিন্তু চাবুৱাৰ ৭৪ বছৰীয়া ৰবীন গোহাঁই এতিয়া সম্পূৰ্ণ সুস্থ৷ ৪ ছেপ্টেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা পাছতেই চিকিৎসকে পোনে পোনে ICU লৈ প্ৰেৰণ কৰিছিল ৰবীন গোহাঁইক৷ ৪ৰ পৰা ৯ ছেপ্টেম্বৰলৈকে ICUত আছিল ব্যক্তিগৰাকী৷ কিন্তু স্বাস্থ্যৰ একো উন্নতি নেদেখি অৰ্থৰ অভাৱত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ লৈ স্থানান্তৰ কৰিব বিচৰা পৰিয়ালটোক ভেণ্টিলেটৰ খুলি দিলেই আধাঘণ্টাৰ ভিতৰত ৰোগীৰ মৃত্যু হ’ব বুলি নিশ্চিত কৰিছিল চিকিৎসকে৷ চিকিৎসকৰ কথা মতেই বৃদ্ধগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে৷ ঘৰলৈ অহাৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ পৰে ৰোগী ৰবীন গোহাঁই৷ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে৷ icuত ৰোগীক ৰখাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ ব্যক্তিগত নাৰ্চিংহোমখনৰ বিৰুদ্ধে৷ চিকিৎসাৰ নামত লক্ষাধিক টকাৰ লুণ্ঠন চলোই পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগত নাৰ্চিংহোমখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ