প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা কেন্দ্ৰীয় চৰকাৰৰ অত্যন্ত জনপ্ৰিয় এক স্কিম৷ দেশৰ কোটি কোটি কৃষকক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে এই যোজনা আৰম্ভ কৰা হৈছিল৷ এই যোজনাত কৃষকৰ একাউণ্টত তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা বছৰি দিয়া হয়৷
চৰকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন দিয়া হয়৷ বৰ্তমান পৰ্যন্ত দেশৰ কৃষকে ১৭ সংখ্যক কিস্তিৰ টকা লাভ কৰিছে৷ এইবাৰ কৃষকৰ অপেক্ষা ১৮তম কিস্তিৰ ধন৷
সূত্ৰৰ খবৰ অনুসৰি দীপাৱলীৰ পূৰ্বে অক্টোবৰ মাহতেই পি এম কিষাণ সন্মান নিধিৰ ১৮ তম কিস্তিৰ ধন একাউণ্টত সোমাব পাৰে কৃষকৰ৷ অৱশ্যে এতিয়াও কোনো চৰকাৰী ঘোষণা কৰা হোৱা নাই৷ সম্প্ৰতি এক প্ৰশ্নও উঠিছে, যদি কোনো ব্যক্তিৰ মাটি নাই অথচ খেতি ক’ৰে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবনে?
কিন্তু চৰকাৰে জনোৱা অনুসৰি এই যোজনা নিজৰ মাটি নাথাকিলে আপুনি লাভ নকৰিব৷ যোজনাৰ সুবিধা পাবলৈ নিজৰ মাটিৰ সম্পূৰ্ণ কাগজ পত্ৰ আপুনি দেখুৱাব পাৰিব লাগিব৷ প্ৰতিবছৰে তিনিটা কিস্তি দিয়া হয় তাৰে প্ৰথম কিস্তি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত, দ্বিতীয় কিস্তি দিয়া হয় আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত আৰু তৃতীয় কিস্তি দিয়া হয় ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত৷ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন পঠিওৱা হয়৷
উল্লেখ্য যে এই আঁচনি তৎকালীন বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে ২০১৯ চনৰ অন্তৰ্বৰ্তীকালীন বাজেটত এই প্ৰকল্পটো ঘোষণা কৰিছিল তাৰপাছত প্ৰধানমন্ত্ৰীয়ে এই আঁচনিত সন্মতি প্ৰদান কৰে৷ এই আঁচনি এতিয়া বিশ্বৰ বৃহত্তম ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিমত পৰিণত হৈছে৷ এই কিস্তি পাবলৈ কৃষকসকলে তেওঁলোকৰ ই-কেৱাইছি সম্পূৰ্ণ কৰিব লাগিব৷ স্কিমৰ অফিচিয়েল ৱেবচাইট অনুসৰি “PMKISAN ৰেজিষ্টাৰ কৃষকসকলৰ বাবে eKYC বাধ্যতামূলক৷ OTP-ভিত্তিক eKYC PMKISAN পোৰ্টেলত পোৱা যায়৷ অথৱা বায়োমেট্ৰিক ভিত্তিক eKYCৰ বাবে নিকটতম CSC কেন্দ্ৰসমূহতো আপুনি যোগাযোগ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ