বেছি লাভ কৰাৰ বাবে বহু সময়ত দেখা যায় বেছিভাৱ মানুহেই নিজৰ ধন এনে ঠাইত বিনিয়োগ কৰে য’ৰ পৰা লাভৰ পৰিবৰ্তে লোকচান হোৱাহে দেখা যায়৷ যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে পষ্ট অফিচৰ বিভিন্ন স্কিম লৈ তাত বিনিয়োগ কৰিব পাৰে৷
ইয়াত কম টকা বিনিয়োগ কৰিও ভাল ফল পোৱা যায়৷ পষ্ট অফিচৰ RD স্কিম হৈছে তেনে এক প্ৰকল্প৷ ইয়াত বিনিয়োগ কৰিলেই পোৱা যাব নিশ্চিত ৰিটাৰ্ণ যিয়ে আপোনাৰ সন্তুষ্ট কৰিব৷ এই আৰ ডি স্কিমত বিনিয়োগ কৰিলে পাব ভাল সুদৰ হাৰ৷ পষ্ট অফিচৰ ৰেকাৰিং স্কিমৰ সময়সীমা ১ৰ পৰা ৫ বছৰ৷ আপুনি ইয়াত সুদৰ হাৰ পাব ৬.৭শতাংশকৈ৷
এই সুদ ভাৰতৰ যিকোনো পোষ্ট অফিচৰ পৰা পোৱা যাব৷ এই ৰেকাৰিং ডিপজিটত যদি মাহে ৫ হাজাৰ টকাকৈ জমা কৰে তেন্তে ৫ বছৰৰ মাজত আপুনি দুৰ্দান্ত এক ৰিটাৰ্ণ পাব পাৰে৷ ৫ বছৰত আপোনাৰ মুঠ জমাৰ পৰিমাণ হ’ব ৩লাখ টকা৷ ইয়াৰ পৰা ৬.৭শতাংশ হাৰত সুদ মিলাই আপোনাৰ হাতলৈ আহিব ৩লাখ ৫৬ হাজাৰ ৮৩০ টকা৷ আপুনি সুদ হিচাপে পাব মুঠ ৫৬ হাজাৰ ৮৩০ টকা৷
প্ৰতিজন ভাৰতীয় নাগৰিকেই ইয়াত নিজৰ একাউণ্ট খুলিব পাৰে৷ আনকি নিজৰ ঘৰৰ সন্তানৰ কথাও মূৰত ৰাখি এই একাউণ্ট খুলিব পাৰে৷ তাতেই আপুনি প্ৰতিমাহে ১০০ টকাকৈ দিব পাৰে৷ য’ত আপুনি যিমান ইচ্ছা সিমান ধন দিব পাৰে৷ এই স্কিমত ধন বিনিয়োগ কৰিবলৈ হ’লে আপোনাক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্ট ছাইজ ফটো, মোবাইল নম্বৰ আৰু বেংকৰ পাছবুক৷ পষ্ট অফিচৰ ৰেকাৰিং স্কিমত ধন বিনিয়োগ কৰিলে খুব কম সময়ৰ মাজত আপুনি ভাল ৰিটাৰ্ণ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ