গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰাকক্ষণত এক আৱেগিক মুহুৰ্তৰ সাক্ষী হ’ল দেশবাসী৷ এটি ঘোঁৰাক বিশেষ সম্ভাষণ জনোৱা পৰিলক্ষিত হ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিৰ৷ উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলো৷
সকলোৰে বাবে বিৰাট আছিল এটি বিশেষ ঘোঁৰা৷ কাৰণ ২০০৩ চনৰ পৰাই দেশৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল বিৰাট৷ ১৩ বাৰকৈ গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত আছিল সকলোৰে মৰমৰ বিৰাট৷ ১৫ জানুৱাৰীৰ সেনা দিৱসত সেনা প্ৰধানৰ ভূয়সী প্ৰসংশাৰে বিভূষিত হৈছিল নিৰাপত্তাৰক্ষী বিৰাট৷
ব্যতিক্ৰমী সেৱা আৰু দক্ষতাৰ বাবে সেনা প্ৰধানে সন্মানিত কৰিছিল বিৰাটক৷ কিন্তু আজি ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত সকলোকে আৱেগিক কৰি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে বিৰাটে৷ উল্লেখ্য, পেৰেডৰ সময়ত সকলোতকৈ বিশ্বাসযোগ্য ঘোঁৰা হিচাপে প্ৰশংসিত হৈছিল বিৰাট৷
চলিত বৰ্ষৰ Chief of the Army Staff Commendation মেডেলো লাভ কৰিছিল বিৰাটে৷
President’s Bodyguard horse Virat retires from service today. It was given the Chief of the Army Staff Commendation Medal this year.
President Kovind, PM Modi and Defence Minister Rajnath Singh bid him farewell on the occasion
(Pic source: President of India) pic.twitter.com/L7G2OTpJJn
— ANI (@ANI) January 26, 2022
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ