বিশ্ব সম্প্ৰদায়ৰ ভাবুকি, সতৰ্কা আদিলৈ কোনো ভ্ৰূক্ষেপেই নকৰিলে যুদ্ধংদেহি ৰাছিয়াই৷ বিশ্ব সম্প্ৰদায়লৈ কোনো কেৰেপ নকৰাকৈ সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ দুই বিচ্ছিন্নতাবাদী অঞ্চলৰ স্বাধীনতা ঘোষণা কৰিছে৷
ইউক্ৰেইনৰ ড’নেৎচক আৰু লুহানৎচক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্বাধীন ৰাষ্ট্ৰ বুলি স্বীকৃতি প্ৰদান কৰিছে৷ ইমানেই নহয় স্বাধীনতাক স্বীকৃতি প্ৰদান কৰি ড’নেৎচকত যুদ্ধ টেংকাৰৰ মজুত কৰা হৈছে৷
আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা মতে বিবদামান অঞ্চলটোত অতি কমেও সাতখন টেংক দেখা গৈছে৷ কিন্তু এই টেংকসমূহ কোন দেশৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সংবাদ সংস্থাটোৰ মতে উক্ত টেংকসমূহত কোনো দেশৰ ল’গ’ সংলগ্ন হৈ থকা নাই বাবে কোন দেশৰ সেয়া স্পষ্ট হোৱা নাই ৷
ইফালে সোমবাৰে ক্ৰেমলিনত ড’নেৎচক আৰু লুহানৎচৰ বিদ্ৰোহী নেতাসকলৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বন্ধুত্ব তথা সহযোগিতামূলক এক চুক্তিত স্বাক্ষৰ কৰিছে৷
এই চুক্তি স্বাক্ষৰ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতু পুটিনে অভিযোগ কৰে ইউক্ৰেইনে পূৱ ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অঞ্চলসমূহত আক্ৰমণৰ বাবে চলাই আহিছে৷ ৰাষ্ট্ৰপতি পুটিনে অতি শীঘ্ৰেই কীয়েভক মস্কোপন্থী বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে সামৰিক পদক্ষেপ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে৷ উক্ত অঞ্চলসমূহত সামৰিক পদক্ষেপ বন্ধ নকিৰলে ইউক্ৰেইনক যুদ্ধৰ বাবে সাজু হ’বলৈও সকিয়াই দিছে ৰাষ্ট্ৰপতি পুটিনে৷
ইফালে ৰাছিয়ান সেনাই দাবী কৰিছে সোমবাৰে ইউক্ৰেইনৰ সীমান্তত পাঁচ কুটাঘাতকাৰীক হত্যা কৰিছে৷ ইফালে বেলাৰুছে ঘোষণা কৰিছে ৰাছিয়াই বেলাৰুছত সামৰিক অনুশীলন আৰু সঞ্চালন বৃদ্ধি কৰিছে৷
উপগ্ৰহীয় ছবিটো দেখা গৈছে সীমান্ত অঞ্চলসমূহত ৰাছিয়াই সেনা মোতায়েন আৰু সঞ্চালন বৃদ্ধি কৰিছে৷ আনফালে সংবাদ সংস্থা চিএনএনৰ মতে পূৱ ইউক্ৰেইনৰ বিবদামান এলেকাই ৰাছিয়ান সেনাক প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি পুটিনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ