সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ
চোহৰা ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ কেউজন অভিযুক্ত বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে। মেঘালয় ন্যায়ালয়ে ৮ দিনৰ জিম্মালৈপ্ৰেৰণ কৰিছে সোনমসহ কেউজনকে। এই ৰিমাণ্ডতে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে এটাৰ পাছত এটাকৈ বহু তথ্য।
সকলোতকৈ ডাঙৰ কথাটো হ’ল, এই হত্যাকাণ্ডক মাষ্টাৰমাইণ্ড সোনম নহয়, বৰঞ্চ প্ৰেমিক ৰাজ কুশৱাহাহে। সকলো পৰিকল্পনা ৰাজেই কৰিছিল। তাকো এবাৰ দুবাৰ নহয়, ৪ বাৰকৈ সোনমক পোৱাৰ বাবে পৰিকল্পনা কৰিছিল ৰাজে। সোনমে সকলো পৰিকল্পনাতে সহযোগ কৰিছিল।
লগতে ইয়াকো পোহৰলৈ আহিছে যে, এয়া কোনো ভাড়াতীয়া হত্যাকাৰী নাছিল ঘটনা সংঘটিত কৰাৰ বাবে। কেউজন ৰাজ কুশৱাহৰ ভাল বন্ধু। কেউজনে ৰাজক সহায় কৰিছিল প্ৰেমিকা সোনমৰ সৈতে লগ হোৱাত।তাৰেই মাজৰ এজন ৰাজৰ সম্পৰ্কীয় ভাতৃয়ো।
পূৰ্বৰ পৰিকল্পনা অনুসৰি সোনমৰ ভুৱা মৃত্যুৰ সংবাদ আনি পাছত পলাই গৈ একেলগে থকা। চলিত বৰ্ষৰে জানুৱাৰী-ফেব্ৰুৱাৰীত পৰিকল্পনা কৰিছিল সোনম নদীত পেলাই দি উটি গৈ মৃত্যু হোৱাৰ অভিনয়, দ্বিতীয়তে কোনো মহিলাৰ এটা মৃতদেহ যোগাৰ কৰি সোনমৰ স্কুটীৰ সৈতে জ্বলাই দিয়া। যাতে সকলোৱে সোনম মৰা বুলি ভাৱে আৰু পাছত সোনম পলাই গৈ ৰাজৰ সৈতে সংসাৰ কৰিব পাৰে।
কিন্তু সোনমৰ ৰাজাৰ সৈতে বিবাহ ঠিক হোৱাত পাছত হনীমুনৰ বাহানা কৰি গুৱাহাটীত ৰাজাক প্ৰাণে মৰাৰ পৰিকল্পনা কৰে। কিন্তু তাতো সফল নোহোৱাত শ্বিলঙত মৰা পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰিয়েই ৰাজাৰ প্ৰাণ কাঢ়ে তিনি লোকে। লগতে থাকে সোনমো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ