অসম লাইভ ২৪ঃ ডেঙ্গুত আক্ৰান্ত হৈছে অভিনেতা ছলমান খান। অসুস্থতাৰ বাবেই দীপাৱলীৰ কোনো অনুষ্ঠানতেই উপস্থিত নাই ভাইজান। বিগত কিছু দিনে ‘বিগ-বছ’ৰ মঞ্চতো দেখা নাই ভাইজানক। শুকুৰবাৰে বিগ-বছৰ মঞ্চত ছলমান খানৰ পৰিবৰ্তে কৰণ জোহাৰক দেখাৰ পিছতেই সকলোৰে মাজত চৰ্চা, কি হৈছে ভাইজানৰ!
ছলমান খানৰ প্ৰকৃততে ডেঙ্গু হৈছেনে সেই সম্পৰ্কে এতিয়াও স্পষ্ট হোৱা নাই যদিও ছলমান খান ঘৰতেই আবদ্ধ হৈ আছে বুলিও তেওঁৰ ঘনিষ্ঠ একাংশই প্ৰকাশ কৰিছে। অসুস্থতাৰ বাবেই শ্বুটিঙৰ পৰা আঁতৰি আছে ভাইজান বুলিও জনাইছে সূত্ৰটোৱে। আনহাতে আগন্তুক মঙলবাৰ অৰ্থাৎ ২৫ অক্টোবৰৰ পৰা পুনৰ বিগবছৰ শ্বুটিঙত আহিব ছলমান।
উল্লেখ্য বিগবছৰ লগতে ছলমান খানৰ আহিব লগা নতুন ছবি ‘কিছি কা ভাই কিছি কি জান’-ৰো শ্বুটিঙৰ কাম কিছু বাকী আছে বুলিও জনাইছে সূত্ৰটোৱে। শাৰিৰীক অসুস্থতাৰ বাবেই ছবিখনৰ শ্বুটিঙতো ভাইজান উপস্থিত নাই বুলি জনাইছে ভাইজানৰ ঘনিষ্ঠ মহলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ