হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ আনন্দৰাম বৰুৱা বঁটা আৰু লেপটপ প্ৰাদন বন্ধ কৰাৰ পিছতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ স্কুটি প্ৰদান সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰাৰ পিছতে সংবাদ মেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় যে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে স্কুটি লাভ নকৰে৷
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কাট অৱ মাৰ্ক থকা ছাত্ৰীসকলেহে স্কুটি লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক কিমান সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকে৷
লগতে পঢ়ক সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!
‘‘সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ–ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব’’— শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়।
মহানগৰীৰ কাহিলিপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত চলিত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ–ছাত্ৰীকে অভিনন্দন জনাই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অসমৰ শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে আৰু অসমত এতিয়া বিদ্যালয় একত্ৰীকৰণৰ কামো চলি আছে। ইফালে শিক্ষা ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলি উল্লেখ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে অসমত মেট্ৰিকৰ স্থান পদ্ধতি চৰকাৰে উঠাই নিদিয়ে বুলিও স্পষ্টভাৱে ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ