ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব
টি ২০ বিশ্বকাপৰ ছুপাৰ ৮ ৰ খেল আৰম্ভ হ’বলৈ মাজত আৰু মাথো দুটা দিন। অনুৰাগীৰ মাজত চাপ বৃদ্ধি পাইছে। উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰিয় দলক লৈ। ভাৰতীয় দলৰ বাবেও প্ৰাৰ্থনা কৰিছে দেশৰ অনুৰাগী সকলে।
শেষৰ আঠটা দলৰ মাজত ১২খন মেচ অনুষ্ঠিত হ’ব, চুপাৰ ৮ত এতিয়া কোন কোন দলৰ কেতিয়া মেচ অনুষ্ঠিত হ’ব, প্ৰকাশ পাইছে সম্পূৰ্ণ সূচী।
ছুপাৰ ৮ত প্ৰৱেশ কৰা শেষ দল বাংলাদেশ। এতিয়া মুঠ ১২খন খেল আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল মেচৰ আয়োজন কৰা হ’ব। ভাৰত আৰু আমেৰিকাৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশে ছুপাৰ ৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
১৯ জুনৰ পৰা আৰম্ভ হ’ব ছুপাৰ ৮ৰ মেচ। ইয়াৰ প্ৰথমখন মেচ আমেৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰথমখন খেল আফগানিস্তানৰ বিৰুদ্ধে। অহা ২০ জুনত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। ছুপাৰ ৮ৰ বাবে গঠন কৰা হৈছে দুটা গ্ৰুপ। প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল থাকিব। গ্ৰুপ ১ ত আছে ভাৰত। ইয়াৰ উপৰিও এ গ্ৰুপত আছে আফগানিস্তান, অষ্ট্ৰেলিয়া আৰু বাংলাদেশ।
আনহাতে গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা। ছুপাৰ ৮ ত মুঠ তিনিখন মেচ খেলিব লাগিব টিম ইণ্ডিয়াই।
ভাৰতৰ প্ৰথমখন খেল আফগানিস্তানৰ বিৰুদ্ধে। এই মেচখন ২০ জুনত বাৰ্বাডোছত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত দ্বিতীয়খন খেল হ’ব বাংলাদেশৰ বিৰুদ্ধে। ২২ জুনত এন্টিগুয়াত অনুষ্ঠিত হ’ব ভাৰত আৰু বাংলাদেশৰ মাজৰ খেল। ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ তৃতীয়খন খেল। এই মেচখন ২৪ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।
টি-২০ বিশ্বকাপ ২০২৪ ছুপাৰ ৮ৰ সম্পূৰ্ণ সূচী-
১৯ জুন : আমেৰিকা বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া
১৯ জুন : ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২০ জুন : আফগানিস্তান বনাম ভাৰত, ব্ৰীজটাউন, বাৰ্বাডোছ
২০ জুন : অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া
২১ জুন : ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২১ জুন : আমেৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ব্ৰীজটাউন, বাৰ্বাডোছ
২২ জুন : ভাৰত বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া
২২ জুন : আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট
২৩ জুন : আমেৰিকা বনাম ইংলেণ্ড, ব্ৰীজটাউন, বাৰ্বাডোছ
২৩ জুন : ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া
২৪ জুন : অষ্ট্ৰেলিয়া বনাম ভাৰত, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২৪ জুন : আফগানিস্তান বনাম বাংলাদেশ, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ