বাংলাদেশক পৰাস্ত কৰিয়ে বিশ্ব ক্ৰিকেটত এনে অভিলেখ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত ভাৰত
কানপুৰত খেলা ভাৰত বনৱাম বাংলাদেশ শৃংখলাৰ দ্বিতীয়খন টেষ্টত টিম ইণ্ডিয়াই বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি ২-০ গ’লত ক্লীন ছুইপ কৰে। কানপুৰত খেলা একেবাৰে সেমেকা সেমেকা লগা খেল খনত পাছলৈ ভাৰতীয় খেলুৱৈয়ে সুন্দৰ খেল খেলি ৰোমাঞ্চকৰ কৰি শেষত জয় লাভ কৰে।
প্ৰায় তিনিদিন ধৰি বৰষুণে খেলখনত বাধা দি আছিল, যাৰ বাবে অনুৰাগীসকলে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল যে এই মেচখনৰ ফলাফল ড্ৰ’ৰ বাহিৰে আন একো নহ’ব, কিন্তু ড্ৰ’ হ’বলগীয়া মেচখনত ৰোহিত ব্ৰিগেডে অতি সহজে জয়লাভ কৰে। কেৱল জয়লাভ কৰাই নহয় নিজৰ নামত অভিলেখো গঢ়ে।
https://x.com/CricCrazyJohns/status/1841033238304747922
বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্ট ছিৰিজত জয়লাভ কৰি টিম ইণ্ডিয়াই নিজৰ ঘৰুৱা খেলপথাৰত একেৰাহে সৰ্বাধিক টেষ্ট শৃংখলা জয় কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হৈছে ( Team India Record Most Consecutive Test Series)। এই কৃতিত্বৰ বাবে টিম ইণ্ডিয়াই নিজৰ নামত বিশ্ব অভিলেখ গঢ়িছে।
ভাৰতে ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ঘৰুৱা ক্ষেত্ৰত একেৰাহে ১৮ খন টেষ্ট শৃংখলা জয় কৰি ইতিহাসৰ সৃষ্টি কৰিছে।২০১২-২০১৩ চনত মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্ট শৃংখলা ১-২ গ’লত পৰাস্ত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ