উত্তৰ প্ৰদেশৰ পলিভিটত এখন অনন্য বিবাহ সম্পন্ন হৈ যায়৷ মাত্ৰ ৪ ঘণ্টাৰ বাবে পেৰেলত কাৰাগাৰৰ মুক্ত হৈ ধৰ্ষণত অভিযুক্ত এক কয়দীয়ে নিজে ধৰ্ষণ কৰা যুৱতীগৰাকী বিবাহ কৰায়৷
প্ৰকাশিত খবৰ মতে পিলিভিত নগৰৰ কতোৱালিৰ এগৰাকী ২৪ বছৰীয়া যুৱতীৰ সৈতে শ্বাহজাহানপুৰ জিলাৰ বাসিন্দা অমিত কুমাৰৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল৷
হিন্দু ধৰ্মীয় ৰীতি-নীতি মতে দিন ধাৰ্য কৰাৰ পিছতে যৌতুককেন্দ্ৰিক বিবাদৰ বাবে অমিত কুমাৰে যুৱতীগৰাকীৰ বিবাহ কৰাবলৈ অস্বীকাৰ কৰে৷ ইয়াৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালে অমিত কুমাৰৰ বিৰুদ্ধে প্ৰতাৰণা আৰু ধৰ্ষণৰ গোচৰ তৰে আৰক্ষী উক্ত অভিযোগৰ ভিত্তিতে অমিত কুমাৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে৷
লগতে পঢ়ক ৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?
ইয়াৰ পিছতে যুৱকজনৰ পৰিয়ালে যুৱকগৰাকীৰ পৰিয়ালেৰে বুজাবুজি কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়৷ ইয়াৰ বিপৰীতে যুৱতীগৰাকীৰ পৰিয়ালে কয় যে অমিত কুমাৰে যুৱতীগৰাকীক বিবাহ কৰালেহে বুজাবুজিলৈ আহিব বুলি চৰ্ত দিয়ে৷
যুৱতীগৰাকীৰ পৰিয়ালৰ এই চৰ্তত সন্মত হয় অমিত কুমাৰ৷ ইয়াৰ পাছতে দুয়োটা পৰিয়ালে আদালাতত শপত নামা দাখিল কৰাৰ লগতে অমিত কুমাৰক পেৰেলত মুকলি কৰি দিবলৈ আবেদন জনায়৷
লগতে পঢ়ক ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ
দুয়োটা পৰিয়ালে যোৱা ২৩ আগষ্টত বিবাহৰ দিন ধাৰ্য কৰে আৰু আদালতে অমিত কুমাৰক ৪ ঘণ্টাৰ বাবে পেৰেলত মুকলি কৰি দিয়ে৷
বিবাহসম্পন্ন হোৱাৰ পিছতে অমিত কুমাৰক পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয় আৰু কইনাগৰাকী অমিত কুমাৰৰ গৃহলৈ যায়৷ এই বিবাহখনে এতিয়া পিলিভিত আৰু শ্বাহজাহানপুৰত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















