ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ
ৰাজ্যৰ ভিতৰতী শীৰ্ষস্থান পোৱা এগৰাকী ছাত্ৰী। সপোন বহু আছিল ভৱিষ্যতৰ জীৱনক লৈ। কিন্তু নিয়তিয়ে সকলো কাঢ়ি নিয়ে। পৰীক্ষাৰ ফলাফলৰ মাত্ৰ ৪ দিনৰ পাছতে এই ধৰাক চিৰ বিদায় দিয়ে অতি মেধাবী ছাত্ৰীগৰাকীয়ে।
গুজৰাট বৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয় ১১ মে’ত। ফলাফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰে। সকলোৰে সপোন এতিয়া ভৱিষ্যতক লৈ। কিছুমানে ডাক্তৰ হ’ব বিচাৰে, কোনোবাই অভিযন্তা আৰু কোনোবাই আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ সপোন দেখে। চকুত সপোন লৈ তেওঁলোকে পৰৱৰ্তী ক্লাছত এডমিচন লৈ আগবাঢ়িছে। কিন্তু তাৰেই মাজৰ এগৰাকী টপাৰ আছে যিয়ে ফলাফলৰ ৪ দিন পিছতে চিৰ বিদায় লয় এই ধৰাৰ পৰা।
ফলাফলৰ ফুৰ্তিয়ো ভালদৰে কৰিব নোৱাৰে পৰিয়ালটোৱে। ফলাফলৰ মাত্ৰ চাৰিদিন পিছতে ১৫ মে’ তাৰিখে ডাক্তৰ হ’ব বিচৰা হীৰ ঘেটিয়া নামৰ ১৫ বছৰীয়া ছাত্ৰী গৰাকীৰ মৃত্যু। এই মৰ্মান্তিক ঘটনাই পৰিয়ালটোৰ ওপৰত শোকৰ পাহাৰ খহি পৰিছে। দশম বৰ্ড পৰীক্ষাত ৯৯.৭০% নম্বৰ লাভ কৰি হীৰে শীৰ্ষস্থান লাভ কৰিছিল।
এমাহ পূৰ্বে হীৰৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু ৰাজকোটৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিছিল। কিন্তু, পুনৰ উশাহ-নিশাহ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ বাবে হীৰক ৰাজকোটৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিটি ছাভানি হাস্পতালত আই চি ইউত ভৰ্তি কৰা হয়। য’ত মগজুৰ এম আৰ আইৰ প্ৰতিবেদনত প্ৰকাশ পাই যে হীৰৰ মগজুৰ ৮০ৰ পৰা ৯০ শতাংশই কাম কৰা বন্ধ হৈ গৈছে।
১৯ দিন মান ধৰি পুনৰ হাস্পতালত ভৰ্তি হয় হীৰ । ফলাফলো হাস্পতালৰ বিচনাতে লয়। কিন্তু অৱস্থা আৰু ভাল নহয়, ১৫ মে’ত হীৰৰ হৃদপিণ্ডেও কাম কৰা বন্ধ কৰি দিলে শেষত মৃত্যু হয়। তাৰ পিছতে হীৰৰ পৰিয়ালে হীৰৰ শৰীৰ আৰু সকলো অংগ দান কৰাৰ সিদ্ধান্ত লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ