আৰ্ত শিশুৰ বাবে বেবী ফৰ্মুলাৰ সংগ্ৰহৰ জৰিয়তে এগৰাকী মাতৃয়ে ১১৮ লিটাৰতকৈ অধিক মাতৃদুগ্ধ বিক্ৰী কৰিছে৷ মাতৃদুগ্ধ বিক্ৰী কৰা এই মাতৃ গৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এলিছা চিট্টি৷
অলপতে এলিছাই ফক্স ১৩ৰে হোৱা এক সাক্ষাৎকাৰত কয় যে তেওঁৰ হাতত তিনিটাতকৈ অধিক ফ্ৰীজাৰত মাতৃদুগ্ধ মজুত আছে। এলিছাই সাক্ষাৎকাৰটোত ধেমেলীয়া সুৰতে কয়, “মই হিচাপ কৰি দেখো যে মোৰ শিশুৰ প্ৰয়োজন শেষ হৈ গৈছে, গতিকে হয়তো আন কাৰোবাক সহায় কৰিব পাৰো।’’
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এলিছা চিট্টীয়ে এটা দুগ্ধ বেংকত দুগ্ধ দান দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সেই প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ বাবে তেওঁ নিজৰ মাতৃদুগ্ধৰ মূল্য প্ৰতি আউন্সত ১ ডলাৰত বিক্ৰী কৰে।
লগতে পঢ়ক জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?
ইফালে Fox13এ তেওঁৰ সাক্ষাৎকাৰটো প্ৰচাৰ হোৱাৰ কিছুদিন পিছতে তেওঁৰ কন্যাই নেতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিবলৈ ধৰাত তেওঁ মাতৃদুগ্ধ বিক্ৰী কৰা বন্ধ কৰি দিয়ে বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে আমেৰিকাত অনলাইনত মাতৃদুগ্ধ ক্ৰয়-বিক্ৰয় কৰাটো বৈধ হ’লেও এই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণহীন।
ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনৰ নিৰ্দেশৰ উদ্ধৃতি দি সংবাদ সংস্থাই কয় যে যেতিয়া মানুহৰ গাখীৰ পোনপটীয়াকৈ ব্যক্তিৰ পৰা বা ইণ্টাৰনেটৰ জৰিয়তে ক্ৰয় কৰা হয় তেতিয়া দাতাজনৰ সংক্ৰামক ৰোগ বা তৎসংক্ৰান্তীয় শাৰীৰিক পৰীক্ষা কৰিব নোৱাৰি।
লগতে পঢ়ক কিশোৰীক ডিজিটেল ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৮১ বছৰীয়া স্কেচ শিল্পী, কি এই ডিজিটেল ধৰ্ষণ?
ইফালে, দ্য গাৰ্ডিয়ানৰ তথ্যৰ মতে আমেৰিকাত শিশুৰ বাবে দুগ্ধৰ বৃহৎ নাটনিয়ে অভিভাৱকসকলৰ মাজত হতাশা আৰু শংকাৰ সৃষ্টি কৰিছে। তেনে সময়তে এলিছা চিট্টিয়ে অকলেই ১১৮ লিটাৰতকৈ অধিক মাতৃদুগ্ধ বিক্ৰী কৰাৰ বাতৰিটোৱে আমেৰিকাত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ