অসম লাইভ২৪ঃ যক্ষ্মা এবিধ বেক্টেৰীয়া বাহিত ৰোগ। মাইক্ৰবেক্টেৰিয়াম টিউবাৰকিউলছিছ নামৰ এবিধ বেক্টেৰীয়াই শ্বাসযন্ত্ৰক সংক্ৰমিত কৰাটোকেই যক্ষ্মা বুলি কোৱা হয়। ক’ভিডৰ দৰে জীৱাণুৱে বতাহত ভাঁহি থাকে। এজনৰ হাঁচি বা কাঁহৰ পৰাই অন্য এজনৰ শৰীৰলৈ সহজেই এই জীৱানুৱে প্ৰৱেশ কৰে। কিন্তু যক্ষ্মাৰ ক্ষেত্ৰত তেনে নহয়। যক্ষ্মাক লৈ বহু মানুহেই ভুল ধাৰণা লৈ থাকে। যক্ষ্মা কেনেকৈ এজনৰ পৰা আন এজনৰ শৰীৰলৈ যায়?
যক্ষ্মা কেৱল হাওঁফাওঁতেই নহয়
যক্ষ্মাই কেৱল এজন ব্যক্তিৰ হাওঁফাওঁতেই হয় সেয়া মিছা। হাওঁফাওঁৰ উপৰিও শৰীৰৰ বিভিন্ন অংগ যেনে কিডনী, মস্তিষ্ক, হাড় আৰু মেৰুদণ্ডত যক্ষ্মা হ’ব পাৰে। সেয়ে প্ৰত্যেকজন যক্ষ্মা ৰোগীৰ লক্ষণ কেতিয়াও একে নহয়। চিকিৎসকৰ মতে হাওঁফাওঁৰ বাহিৰে অন্যস্থানত হোৱা যক্ষ্মাক এক্সট্ৰাপালমোনাৰি টিউবাৰকুলছিছ বুলি কোৱা হয়। শৰীৰৰ অন্যান্য অংগত যক্ষ্মাৰ সংক্ৰমণ হ’লে আক্ৰান্ত ব্যক্তিৰ পৰা অন্যৰ শৰীৰলৈ এই ৰোগ বিয়পি পৰাৰ সম্ভাৱনা নিচেই ক’ম। যক্ষ্মা মানেই সোঁচৰা ৰোগ এই ধাৰণা সঁচা নহয় বুলি চিকিৎসকেও দাবী কৰে। এয়া কেৱল এক ভ্ৰান্ত ধাৰণাহে।
বহুতৰে ধাৰণা, যক্ষ্মা এবিধ জিনবাহিত ৰোগ
বিশেষজ্ঞৰ মতে, যক্ষ্মা জিনবাহিত ৰোগ নহয়। এই বেক্টেৰীয়াই যেতিয়াই যাকে তাকে সংক্ৰমিত কৰিব পাৰে। পিতৃ-মাতৃৰ যক্ষ্মা হ’লে সন্তানৰো যক্ষ্মা হ’ব পাৰে বুলি কথা নাই।
যক্ষ্মাৰ চিকিৎসা আছেনে?
বহুতৰে ধাৰণা যে এই ৰোগৰ কোনো চিকিৎসা নাই। বিশেষজ্ঞই এই কথা মিছা বুলি প্ৰকাশ কৰিছে। প্ৰাথমিক পৰ্যায়ত এই ৰোগ ধৰা পৰিলে ঔষধৰ জৰিয়তে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। বেছিদিন ধৰি কাঁহ হৈ থাকিলে বা কাঁহৰ সৈতে তেজ ওলালে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
ধূমপানৰ পৰা যক্ষ্মা ৰোগ হয়নে?
বহুতৰেই ধাৰণা যে ধূমপান কৰিলেহে যক্ষ্মাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধূমপানেই যক্ষ্মা হোৱাৰ একমাত্ৰ কাৰণ নহয়। এইছআইভি, ডায়বেটিছ, কিডনী ৰোগত আক্ৰান্ত ব্যক্তিৰো যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ