অসম লাইভ২৪ঃ ২০০০ টকাৰ নোট সলনিৰ যাৱতীয় সময় প্ৰায় শেষ৷ ২০০০ টকীয়া নোট সলনিৰ শেষ দিন আছিল ২০২৩ চনৰ ৭ অক্টোবৰ৷ ম্যাদ শেষ হোৱাৰ পাছতো যদি কোনো ব্যক্তিয়ে ২০০০ টকাৰ নোট সলনি কৰিব বিচাৰে তেন্তে কি কৰিব? ম্যাদ শেষ হোৱাৰ পাছত বহুতেই ঘৰত ৰৈ যোৱা ২০০০ টকীয়া নোট পেলাই দিবলগীয়াও হৈছে৷ এই নোটসমূহ কেৱল ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয়লৈ গৈহে সলনি কৰিব পৰা যাব বুলিও উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে৷ কিন্তু দেশৰ বহু স্থানত আৰবিআইৰ আঞ্চলিক কাৰ্যালয়লৈ গৈ নোট সলনি কৰিবলৈকো কোনো উপায় নাথাকে৷ তেনেক্ষেত্ৰত গ্ৰাহকে কেনেকৈ নোট সলনি কৰিব সেই বিষয়টোক লৈ চিন্তাত পৰিছিল বহুজন৷
শেহতীয়াকৈ গ্ৰাহকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰিজাৰ্ভ বেংকে লৈছে বিশেষ সিদ্ধান্ত৷ পোষ্ট অফিচৰ সহায়ত ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব গ্ৰাহকে৷ ইয়াৰ বাবে এজন ব্যক্তিয়ে কি কৰিব লাগিব? RBIৰ আঞ্চলিক ডাইৰেক্টৰে জনোৱা অনুসৰি ২০০০ টকীয়া নোট পোষ্ট অফিচৰ ৰেজিষ্টাৰ পোষ্টৰ মাধ্যমেৰে RBIৰ আঞ্চলিক অফিচলৈ পঠিয়াব লাগিব৷ এই সন্দৰ্ভত RBIৰ আঞ্চলিক ডাইৰেক্টৰে কয়, ‘আমি গ্ৰাহকক সকলোতকৈ সুবিধাজনক আৰু নিৰাপদ পদ্ধতিৰে ৰেজিষ্টাৰ কৰা পোষ্টৰ মাধ্যমেৰে RBIৰ কাৰ্যালয়লৈ এই নোট পঠিয়াবলৈ আহ্বান জনাইছো৷ আমি এই ধন লাভ কৰাৰ লগে লগেই তেওঁলোকৰ একাউণ্টত ধন সোমোৱাই দিম৷ এজন সাধাৰণ গ্ৰাহকে RBI শাখালৈ অহাৰ পাছত লাইনত থিয় হৈ অসুবিধাত ভোগাৰ সলনি এই সহজ পদ্ধতি আনিছো৷’
TLR বা ৰেজিষ্টাৰ কৰা পোষ্ট৷ দুই ধৰণৰ অপশ্ব্যনেই নিৰাপদ বুলিও জনাইছে RBIৰ আঞ্চলিক ডাইৰেক্টৰে৷ এই ক্ষেত্ৰত গ্ৰাহকে ধন হেৰুৱাৰ ভয় কৰিব নালাগে বুলিও জনাইছে RBIৰ আঞ্চলিক ডাইৰেক্টৰে৷ দিল্লীৰ RBI কাৰ্যালয়ত বৰ্তমানলৈকে ৭০০ টিএলআৰ ফৰ্ম জমা হৈছে৷ ১৯ মে’ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই মাৰ্কেটৰ পৰা ২০০০ টকীয়া নোট উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছিল৷ সাধাৰণ ৰাইজলৈকো আহ্বান জনোৱা হৈছিল যে তেওঁলোকে ততাতৈয়াকৈ বেংকত ২০০০ টকীয়া নোটসমূহ জমা দিয়ক৷ নোট জমা দিয়াৰ শেষ তাৰিখ আছিল ৬ অক্টোবৰ৷ পৰবৰ্তী সময়ত এই ম্যাদ আৰু এদিন বৃদ্ধি কৰি ৭ অক্টোবৰ কৰা হৈছিল৷ RBIয়ে দিয়া তথ্য অনুসৰি ১৯ মে’ ২০২৩ পৰ্যন্ত ৯৭ শতাংশতকৈয়ো বেছি নোট RBIয়ে ওভটাই পাইছে৷ অৰ্থাৎ বাকী ৩শতাংশ নোট কিন্তু এতিয়াও বজাৰত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ