অসম লাইভ ২৪ঃ পশ্চিমবংগ বিজয়ৰ বাবে দলে বলে জঁপিয়াই পৰা বিজেপিক প্ৰত্যাহ্বান জনাইছে নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকৰ্তা প্ৰশান্ত কিশোৰে। এক টুইটযোগে বিজেপিক প্ৰত্যাহ্বান জনাইছে প্ৰশান্ত কিশোৰে। টুইটাৰত তেওঁ লিখিছে বিজেপিয়ে পশ্চিমবংগত ১০ৰ ঘৰ অতিক্ৰম কৰিবলৈ সংগ্ৰাম কৰিব লাগিব। যদি বিজেপিয়ে ১০ খন আসন গোটাব পাৰে তেনেহ’লে মই বৰ্তমান থকা স্থানৰ পৰা আঁতৰি দিম। উল্লেখ্য প্ৰশান্ত কিশোৰে মমতা বেনাৰ্জীৰ নিৰ্বাচনী পৰামৰ্শদাতাৰূপে এইবাৰ কাম কৰিছে। তেওঁ পুনৰ প্ৰত্যাহ্বান জনাই এই টুইটটো ছেভ কৰি ৰাখিবলৈয়ো কয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ