কিপ্ৰসংগত জানো এদিন তুলতুল বাইদেৱে (তুলতুল বৰুৱা) হঠাৎ কৈ উঠিছিল, “অন্ততঃ অসমীয়া সংগীতৰ পৰম্পৰাটো যে বৰ চহকী তাত কোনো সন্দেহ নাই৷” কিমান সঁচা কথা এষাৰ কৈছিল বাইদেৱে! বৰ্তমানৰ পিলিঙা গায়কবোৰৰ কোনবোৰ পিছলৈ ৰয়গৈ সেইটো সময়েহে ক’ব৷ কিন্তু অসমীয়া সংগীতৰ গৌৰৱোজ্জল ঐতিহ্যৰ কথা ক’বলৈ আমাৰ হাতত কোনো নামৰ অভাৱ নহয়৷ মই তেতিয়া তেনেই সৰু৷ চোতালত পূবা-পশ্চিমাকৈ মায়ে তাঁতৰ কাৰণে বাটি কাঢ়িছিল৷ প্ৰখৰ ৰ’দ আছিল৷ মা তেতিয়া গাভৰু আছিল৷ বাহ! মাৰ খোজত কি লয়? কি গাভৰু আকৰ্ষণ? আৰু এহাল শালিকাই চোতালখনত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল৷ কেতিয়াবা বা ভুৰুতকৈ উৰি গৈ ইখন কাঠিৰ পৰা গৈ সিখন কাঠিত পৰিছিল৷ তেতিয়াই মোৰ কণমানি চকুৰ পতাত সংৰক্ষিত কৰি থোৱা মাৰ সেই চলন্ত ছবিখন এতিয়াও নিখুঁত হৈ আছে৷ তাত কোনো চামনি পৰা নাই৷ কেৱল সময় বাগৰাৰ লগে লগে সেই চলন্ত ছবিখনৰ অৰ্থহে গভীৰ হৈ গৈ আছে৷ তেতিয়া মাৰ প্ৰাণচঞ্চল খোজৰ অৰ্থ কৰিব পৰা বয়সেই হোৱা নাছিল মোৰ৷ শৈশৱতে তেনেকৈ চকুৰ পতাত সংৰক্ষিত কৰি থোৱা কিমান ছবিৰ নতুন নতুন অৰ্থ ওলাই আছে এতিয়া! আৰু আমাৰ বাৰীৰ মূৰত এজোপা প্ৰকাণ্ড শিমলু গছো আছিল৷ ৰঙা ৰঙা শিমলু ফুলি আছিল তাত৷ এতিয়া চাওক: “শালিকী ঐ অবুজন চৰাইজনী/ তৰা তাঁতত পৰি কেলেই ছিঙিলিহি সূতা/ মোৰ বুকুৰ হেঁপাহখিনিত আউল লগাই গ’লি অ’ শালিকীজনী/ নিজৰ বাহলৈ কঢ়িয়ালি কূটা/ শালিকীজনী ঐ চোতালত চাইছ কি/ পুৱতী নিশাতে উঠি সাৰি থৈছো ৰাতিটো টোপনি খতি/ আজিযে আহিব, অ’ শালিকীজনী, আজিয়ে অহাৰ কথা/ ডালৰ চৰাইজনী ডালত নপৰগে’ কেলে’/ আমনি নকৰ মোক, মই থাকোঁ অকলে/ দিখৌ নৈৰ পাৰৰে দেওলগা শিমলু/ ৰিঙা ৰিঙা ৰাঙলী ফুল/ তাৰে কোমল কোঁহে কেলেই মন মোহে/ তাৰ জানো পাৱ মোল/ যাচোন তালৈ অ’ পাখিলগা চৰাইটো বুজি আহ মানুহৰ বেথা”
গতিকে কি হ’ল কথাটো! কেশৱ মহন্তই কি লিখিলে এইবোৰ আৰু অৰ্চনা মহন্তই তাত কি কৰিলে! ইয়াকেই শিল্প বুলি নকয় জানো! চতিয়াৰ কেশৱ মহন্তই মোৰ মাৰ জীৱন বাস্তৱটো কেনেকৈ জানিলে আৰু অৰ্চনা মহন্তই তাত কি যাদু সানিলে! কি আচৰিত কথা! ইয়াকে কয় কলা! এই গীতবোৰ যেন গীত নহয় সময়ৰ গাঁথা, সময়ৰ শিহৰণ, ইতিহাস, সমাজ ইতিহাস! কি মৰ্ম, কি প্ৰতীক, কি স্পষ্ট অস্পষ্টতা! ৰাতি টোপনি খতি, আজিয়ে অহাৰ কথা, শিমলুডাললৈ যাগৈ, বুজি আহ মানুহৰ বেথা! উস আৰু কি লাগিছে! কিমান লাগিছে? আটাইখিনি ভাঙিপাতি কোৱাৰ কিবা প্ৰয়োজন আছেনে?
পুৰণি ঘৰটোত মাই তাঁতৰ বাটি কাঢ়িছিল৷ নতুনকৈ উঠি অহা ঘৰত, তেতিয়া অলপ ডাঙৰ হৈছোঁ, দেউতাই অৰ্চনা দাস অৰ্চনা মহন্ত হোৱা কথা কৈছিল৷ আকৌ সময় বাগৰিছিল৷ কেশৱ মহন্ত বৰ আপোন হৈ পৰিছিল৷ আপোন হৈ পৰিছিল নিগাজী পামখন৷ দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, কেশৱ মহন্ত, খগেন মহন্ত, প্ৰভাত শৰ্মা আৰু কোনে কোনে জানো এক হৈ নিগাজী পাম পাতিছিলহি গুৱাহাটীত, তেওঁলোকৰ শৈশৱ আৰু কৈশোৰ গাঁৱত এৰিথৈ আহি? কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ লগত বৰ ঘনিষ্ঠতা আছিল৷ তেওঁলোকৰ বিদায়ৰ পিছত নিগাজী পামলৈ যোৱাৰ সত নগৈছিল৷ কিন্তু আকৌ এবাৰ চিনাকি এটা হৈছিল তেওঁলোকৰ পৰিয়ালৰ লগত৷ পাপন৷ মই দিল্লীত চাকৰি কৰি থাকোঁতে কিছুদিন মতিবাগত আছিলোঁ শৰৎ বৰকাকতীৰ ঘৰত৷ বৰকাকতীয়ে সংগীত চৰ্চা কৰিছিল৷ তালৈ পাপন আৰু ৰাজা প্ৰায়ে আহিছিল৷ মই মোৰ কামত ব্যস্ত আছিলোঁ৷ পাপন বা ৰাজাই নিশ্চয় তেতিয়াৰ মালাকাৰদাজনক এতিয়া মনত ৰখা নাই৷ মনত ৰখাৰ অৰ্থ নহয়৷ কালি অৰ্চনা মহন্ত ঢুকুৱাৰ পিছত কথাবোৰ বৰকৈ মনত পৰিছে৷খগেন মহন্ত আৰু অৰ্চনা মহন্ত যেন এটা যুৰীয়া কন্ঠহে আছিল৷ অগা-পিছাকৈ দুয়ো গুচি গ’ল৷ কেশৱ মহন্তৰ কথাৰ তেওঁলোকে যি গীত কৰিছিল তাত এখন জীয়া অসমীয়া সমাজ আছিল৷ আমিবোৰে জীৱনৰ এছোৱাকাল সেইখন সমাজতে ডাঙৰ হৈছিলো। সময়ত সেই সমাজখন নোহোৱা হৈ যাব৷ এতিয়াই ভালেখিনি নোহোৱা হৈছে৷ এই গীতবোৰ সেই অসমীয়া সমাজখনৰ ইতিহাসহৈ ৰ’ব৷ তৰুণ প্ৰজন্মই এই গীতবোৰৰত সেই সমাজখনৰ সম্ভেদ কৰিব৷ অৰ্চনা মহন্তৰ গীতৰ লালিত্যৰ এটা বিশেষ বৈশিষ্ট্য আছিল তেওঁৰ কন্ঠৰ কোমলতা, এক পমি যোৱা কোমলতা!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ