অসম লাইভ ২৪ঃ তিনিচুকীয়া জিলাৰ পাহাৰপুৰৰ জুৱেল চাহ বাগিচাত ২ জনগোষ্ঠীৰ মাজত তীব্ৰ সংঘাত। এই সংঘাত চাহ শ্ৰমিক আৰু চেমা নগাৰ মাজত। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ সংঘাত। উল্লেখ্য যে চাহ বাগিচাখনৰ মাটিকালি প্ৰায় ১৩০০ বিঘা৷ এই বাগিচাখনত কমেও ২৫ বছৰ কাল ধৰি চাহ শ্ৰমিকৰূপে নিয়োজিত হৈ আহিছে প্ৰায় ৪৫০টা চাহ শ্ৰমিক পৰিয়াল৷ কিন্তু কিছুদিনৰে পৰা এই বাগিচাখনত নিশাৰ ভাগতে গঢ় লৈ উঠে জুপুৰি৷ আৰু এই জুপুৰি সাজিছে চেমা নগাসকলে।
চেমা নগাসকলৰ দাবী এই ভূমি তেওঁলোকৰ৷ এটা সময়সীমাৰ বাবেহে নিৰ্দিষ্ট ভূমিডৰা লীজত দিয়া হৈছিল৷ চেমা নগাসকলৰ এই দাবীত খৰ্গহস্ত বাগিচাখনৰ চাহ শ্ৰমিকসকল৷ এনে এক পৰিস্থিতিত প্ৰতিবাদমুখৰ হৈ উঠিছে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছা৷ প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে আছাই৷ সমস্যাটোৰ সমাধান বিচাৰি ৭৫ ঘণ্টাৰ সময়সীমা বান্ধি দি আছাই পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ৷
আনহাতে উজনি অসম চেমা ছাত্ৰ সন্থাই ভূমিডৰাৰ ওপৰত আছাৰ দাবী নস্যাৎ কৰে৷ লীজৰ ম্যাদ উকলাত এয়া এতিয়া পাহাৰপুৰবাসী চেমা নগাসকলৰ বুলিহে দাবী কৰে চেমা ছাত্ৰ সন্থাই৷ সমস্যাটো শীঘ্ৰে সমাধানৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ অনিবাৰ্য৷ অন্যথা দুই পক্ষৰ মাজত সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাও নুই কৰিব নোৱাৰি৷
জাগুনৰ পৰা সীমান্ত চেতিয়া ৰিপ’ৰ্ট, অসম লাইভ ২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















