• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

4 years ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

27 minutes ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

51 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

2 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

2 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

3 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

4 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

5 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

editor by editor
June 9, 2022
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ইয়াৰ পূৰ্বে আমি মাল্টি বেগাৰ ষ্টকৰ বিষয়ে আলোচনা কৰিছিলো৷ শ্বেয়াৰ বজাৰত কম সময়ত অধিক লাভ হোৱা আন এটা পৰ্যায় হৈছে বুলিশ্ব লেভেল৷ বুলিশ্ব লেভেলৰ অৰ্থ হ’ল অস্বাভাৱিক হাৰত এটা শ্বেয়াৰৰ মূল্যবৃদ্ধি হোৱা৷ কোনো এটা কোম্পানীৰ শ্বেয়াৰ যেতিয়া বুলিশ্ব লেভেলত থাকে সেই সময়ত এসপ্তাহত দুই–তিনি গুণলৈ বৃদ্ধি হয়৷ অৰ্থাৎ বুলিশ্ব লেভেলত থকা কোম্পানী এটাত কোনো এক বিনিয়োগকাৰীয়ে যদি ১০ হাজাৰ টকা এসপ্তাহৰ বাবে বিনিয়োগ কৰে তেন্তে তেওঁ এসপ্তাহ পাছত ৩০ হাজাৰ টকাপৰ্যন্ত লাভ আৰ্জন কৰিব পাৰে৷ এইক্ষেত্ৰত অৱশ্যে কোনো এটা ষ্টকৰ বুলিশ্ব লেভেলটো ভালকৈ চিনাক্ত কৰিব পাৰিব লাগিব৷ কিছু অধ্যয়ন আৰু অভিজ্ঞতা থাকিলে শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল বা ক্ষিপ্ৰ বৃদ্ধিৰ পৰ্যায় চিনাক্ত কৰাটো বেছি জটিল কাম নহয়৷ ইয়াৰ বাবে মাথো শ্বেয়াৰ বজাৰৰ দৈনিক গতিবিধিৰ ওপৰত নজৰ ৰাখিব লাগে৷ বুলিশ্ব লেভেল চিনাক্ত কৰাৰ ক্ষেত্ৰত সততে মনত ৰাখিবলগীয়া আন এটা বিষয় হৈছে কোম্পানী বা ষ্টকৰ চিনাক্তকৰণ৷

মাল্টি বেগাৰ ষ্টকৰ বিষয়ে আলোচনা কৰোতে আণ্ডাৰ ভেল্যু অৰ্থাৎ প্ৰকৃত মূল্যতকৈয়ো কম দামলৈ অৱনমিত হোৱা শ্বেয়াৰ বিষয়ে কোৱা হৈছিল৷ সেইধৰণৰ শ্বেয়াৰসমূহত বুলিশ্ব লেভেল চিনাক্ত কৰাটো যথেষ্ট সহজ৷ এই কোম্পানীৰ শ্বেয়াৰসমূহৰ দাম অতি কম সময়ৰ ভিতৰত অস্বাভাৱিক হাৰত নিম্নগামী হয়৷

লগতে পঢ়ক ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক

উদাহৰণ হিচাপে ফিউচাৰ ৰিটেইল কোম্পানীৰ শ্বেয়াৰটোৰ কথা উল্লেখ কৰিব পাৰি৷ যোৱা এপ্ৰিল মাহত এই কোম্পানীটোৰ এটা শ্বেয়াৰৰ দাম আছিল ৫০ টকা৷ কিন্তু অতি কম সময়ৰ ভিতৰত ইয়াৰ দাম ৬.৩০ টকালৈ নিম্নগামী হৈছে৷ অৰ্থাৎ দুমাহৰ ভিতৰত এই কোম্পানীৰ শ্বেয়াৰৰ দাম প্ৰায় ৮১ শতাংশ হোৱা হ্ৰাস হৈছে৷ আৰু আজি ইয়াৰ দাম হৈছে ৭.৭০ টকা৷ ৬.৩০ টকালৈ অৱনমিত হোৱাৰ পাছত ফিউচাৰ ৰিটেইল কোম্পানীত হঠাৎ বহু বিনিয়োগকাৰীয়ে ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ অৱশ্যে কোম্পানীটোৰ শ্বেয়াৰৰ দাম নিম্নগামী হোৱাৰো উপযুক্ত কাৰণ আছে৷ কোম্পানীটোৱে বেংক অব্ বড়োদা, চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়া আৰু বেংক অব্ ইণ্ডিয়াক দিবলগীয়া ধন সঠিক সময়ত ঘূৰাই দিব পৰা নাছিল৷ পৰিণতিত তিনিওটা বেংকৰে কৰ্তৃপক্ষই ফিউচাৰ ৰিটেইল কোম্পানীৰ ওপৰত গোচৰ তৰে৷ এই গোচৰৰ পৰিণতিত হঠাৎ বিনিয়োগকাৰীয়ে ফিউচাৰ ৰিটেইল কোম্পানীৰ পৰা ধন উঠাবলৈ আৰম্ভ কৰে৷ আৰু তাৰ পৰিণতিতে প্ৰায় এমাহ ধৰি ল’ৱাৰ চাৰ্কিটত শ্বেয়াৰটোৰ দাম নিম্নগামী হয়৷ সাম্প্ৰতিক সময়ত এই কোম্পানীটোৰ শ্বেয়াৰৰ দাম যদি ১২ টকালৈ বৃদ্ধি হয় তেন্তে ১২ টকাৰ পৰা ১৫ টকাৰ ভিতৰত ফিউচাৰ ৰিটেইল কোম্পানীয়ে বুলিশ্ব লেভেল পাব বুলি ধাৰণা কৰা হৈছে৷ আৰু বুলিশ্ব লেভেল পোৱাৰ পাছত এই কোম্পানীটোৰ শ্বেয়াৰৰ দাম প্ৰতিদিনে ৫ শতাংশকৈ বৃদ্ধি হোৱাটো নিশ্চিত৷ আৰু সেই বৃদ্ধি একেৰাহে এমাহপৰ্যন্ত থাকিব পাৰে৷ গতিকে বুলিশ্ব লেভেলত থকা শ্বেয়াৰে বিনিয়োগকাৰীক কিমান লাভ দিব পাৰে সেইটো সহজে অনুমেয়৷

লগতে পঢ়ক পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

এতিয়া অন্য কেতবোৰ কোম্পানীৰ বিষয়েও কিছু উল্লেখ কৰিব বিচাৰিছো৷ এই কোম্পানীসমূহ বৰ্তমান মাল্টি বেগাৰ ষ্টক হিচাপে পৰিচিত হৈ আছে৷ কোম্পানীসমূহ— খৈটান কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ, গুজৰাট অম্বুজা এক্সপ’ৰ্টছ লিমিটেড, ভাৰত ডাইনেমিকছ, মেঘমণি ফাইনেন্স লিমিটেড, গ্ল’ৱেল এডুকেচন, কছম’ ফিলমছ, এল কে পি ছিকিউৰিটিছ, এডৰ ফনটেক, আদানী ট’টেল গেছ লিমিটেড, সাৰেগামা ইণ্ডিয়া লিমিটেড, টানলা প্লেটফৰ্ম, চি জি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰীয়েল ছল্যুচনছ লিমিটেড আৰু মাষ্টেক লিমিটেড৷ এই কোম্পানীকেইটাৰ শ্বেয়াৰে বুলিশ্ব লেভেলত সোমোৱাৰ সম্ভাৱনা যথেষ্ট বেছি৷ কিয়নো উল্লেখিত কোম্পানীসমূহৰ ইতিমধ্যে ভাৰতৰ বহুকেইটা বৃহৎ মিউচুৱেল ফাণ্ড কোম্পানী আৰু বেংকে বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছে৷ শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞসকলে অনুমান কৰা অনুসৰি এই কোম্পানীকেইটাই আগন্তুক দুবছৰৰ ভিতৰত ৩৫০ শতাংশ পৰ্যন্ত লাভ দিয়াৰ সম্ভাৱনা আছে৷ অৰ্থাৎ উল্লেখিত শ্বেয়াৰকেইটাৰ দাম ৩৫০ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে৷

গতিকে মাল্টি বেগাৰ ষ্টক আৰু বুলিশ্ব লেভেলত থকা ষ্টকত বা শ্বেয়াৰত ধন বিনিয়োগ কৰিব পাৰিলে কম সময়ত অধিক লাভ আৰ্জন কৰিব পৰা হ’ব৷ অৱশ্যে এইক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ অবিহনে আণ্ডাৰ ভেল্যু আৰু বুলিশ্ব লেভেলত থকা শ্বেয়াৰত বিনিয়োগ কৰাটো উচিত নহয়৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamstocks markets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে  নিশ্চিত

অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.