এগৰাকী অধ্যাপকৰ সাধুতাই সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনকি শিক্ষকগৰাকীৰ এই কামৰ বাবে দেশৰ লাখ লাখ লোকে চেল্যুট দিছে৷
অধ্যাপকগৰাকী হৈছে লালন কুমাৰ৷ তেওঁ বহাৰৰ মুজাফৰপুৰৰ নীতিশেশ্বৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক৷
সহকাৰী অধ্যাপক লালন কুমাৰে ৩৩ মাহ তেওঁৰ শ্ৰেণী কক্ষত কোনো শিক্ষাৰ্থীয়ে উপস্থিত নথকাত সেই সময়ছোৱাৰ দৰমহাৰ সমুদায় ধন প্ৰায় ২৪ লাখ ঘূৰাই দিছে।
লগতে পঢ়ক পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
এই বিষয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত লালন কুমাৰে কয় যে তেওঁক যি ছাত্ৰ-ছাত্ৰীৰ বাবে নিযুক্তি দিয়া হৈছিল, তেওঁলোকক নপঢ়োৱাকৈ দৰমহা গ্ৰহণ কৰিবলৈ তেওঁৰ ‘বিবেকে তেওঁক অনুমতি দিয়া নাছিল৷’
লালন কুমাৰে কয় যে মোৰ বিবেকে মোক পাঠদান নকৰাকৈ দৰমহা ল’বলৈ নিদিয়ে আৰু লগতে কয় যে অনলাইন ক্লাছৰ সময়তো হিন্দী ক্লাছৰ বাবে উপস্থিত আছিল মাত্ৰ এমুঠিমান ছাত্ৰ।
লালন কুমাৰে ৰাজ্যিক বিশ্ববিদ্যালয় বি আৰ আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয় (ব্ৰাবু)ৰ পঞ্জীয়কলৈ ২৩,৮২,২২৮ টকা ঘূৰাই পঠাইছে৷
লগতে পঢ়ক বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
লালন কুমাৰে কয়, ‘‘যদি মই পাঁচ বছৰ শিক্ষকতা নকৰাকৈ দৰমহা লওঁ তেন্তে সেয়া মোৰ বাবে শৈক্ষিক মৃত্যু হ’ব। মই মোৰ বিবেকৰ কথা শুনি দুবছৰ ন মাহৰ দৰমহা বিশ্ববিদ্যালয়লৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিলো।’’
লালন কুমাৰৰ এই কাৰ্যক ব্ৰাবুৰ পঞ্জীয়ক আৰ কে ঠাকুৰে প্ৰশংসা কৰাৰ বিপৰীতে মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰে ইয়াক সহজভাৱে গ্ৰহণ কৰা নাই৷ অধ্যক্ষ মনোজ কুমাৰে কয় যে সহকাৰী অধ্যাপক লালন কুমাৰৰ স্নাতকোত্তৰ বিভাগলৈ বদলি হোৱাৰ কৌশলহে।
প্ৰসংগক্ৰমে উল্লেখনীয় যে অধ্যাপক লালন কুমাৰেও শৈক্ষিক ক্ষেত্ৰত ‘অধিক জড়িত’ হ’বলৈ স্নাতকোত্তৰ বিভাগত আবেদন কৰিছে।
লগতে পঢ়ক ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
লালন কুমাৰে ৩৩ মাহৰ দৰমহা ঘূৰাই দিয়াৰ কাৰণ সোধাত অধ্যক্ষ মনোজ কুমাৰে কয় যে লালন কুমাৰে মহাবিদ্যালয়ত যোগদান কৰাৰ কেইমাহমান পিছতে বিশ্বক কৰ’না মহামাৰীয়ে ছানি ধৰিছিল আৰু তেতিয়াৰ পৰা মহাবিদ্যালয়খনে অনলাইন ক্লাছ অনুষ্ঠিত কৰিছিল।
বিষয়টোৱে অৱশ্যে বিহাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ কথাটো পোহৰলৈ আনিছে৷ অৰ্থাৎ বিহাৰৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপটোক উদঙাই দেখুওৱাইছে বুলিও চৰ্চা লাভ কৰিছে৷
ইফালে ব্ৰাবুৰ পঞ্জীয়কে সংবাদ মাধ্যমক কয় যে এই বিষয়টো উপাচাৰ্যৰ সৈতে আলোচনা কৰি আছে আৰু অতি সোনকালে নীতিশেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষক শিক্ষাৰ্থীৰ অনুপস্থিতিৰ বিষয়ে ব্যাখ্যা দিবলৈ নিৰ্দেশ দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















