এজন ভাৰতীয় অমুছলমান ইউটিউবাৰে ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান মক্কালৈ যোৱা বুলি দাবী কৰি বিতৰ্কৰ সূচনা কৰাই নহয়, মৃত্যুদণ্ডৰো ভাবুকি লাভ কৰিছে৷
চৌদি আৰৱৰ ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান মক্কালৈ যোৱা বুলি দাবী কৰা অমুছলমান ইউটিউবাৰজন হৈছে এজন তেলেগু ইউটিউবাৰ। ইউটিউবাৰগৰাকীয়ে এই দাবীৰ পিছতে দেশত এক নতুন বিতৰ্কৰ সূচনা হৈছে।
ছৌদি আৰৱৰ আইন উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে একাংশ ইছলামিক নেটনাগৰিকে। শেহতীয়াকৈ ইউটিউবাৰগৰাকীয়ে লাইভ চেটযোগে দাবী কৰিছিল যে তেওঁ মক্কাত প্ৰৱেশ কৰিছে। আনকি তেওঁ এখন ফ’টোও দেখুৱাইছিল, য’ত তেওঁ ইছলামৰ আটাইতকৈ পবিত্ৰ মছজিদৰ ওচৰত থিয় হৈ হাত দাঙি নামাজ কৰি থকা দেখা গৈছিল।
লগতে পঢ়ক হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!
আন এটা ভিডিঅ’ ক্লিপত ইউটিউবাৰে প্ৰকাশ কৰিছে যে মক্কাৰ এণ্ট্ৰি পইণ্টত তেওঁক কোৰানৰ কিছুমান আয়াত আবৃত্তি কৰিবলৈ কোৱা হৈছিল৷ তেওঁ সেই আয়াত পাঠ কৰিবলৈ সক্ষম হোৱাৰ পিছতে তেওঁক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।
ইউটিউবাৰগৰাকীৰ এই দাবী কৰাৰ পিছতে একাংশ নেটনাগৰিকে তেওঁৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ছৌদি কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইউটিউবাৰজনে তেওঁৰ কথিত মক্কা ভ্ৰমণৰ বিষয়ে যিকোনো প্ৰশ্নৰ উত্তৰ দিয়া বন্ধ কৰিছে।
নেটনাগৰিকৰ একাংশই আইনী ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ পিছতে শংকিত হৈ ইউটিউবাৰগৰাকীয়ে পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীমত মক্কা সম্পৰ্কে যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে। একাংশ নেটনাগৰিকে মন্তব্য কৰিছে যে তেওঁৰ এই কাৰ্য ন্যায আৰু আইনী নাছিল। আনকি এজনে দাবী কৰিছে যে ইউটিউবাৰগৰাকীক অন্ততঃ ৮ৰ পৰা ১০ বছৰ কাৰাবাস বিহিব লাগে।
লগতে পঢ়ক যুদ্ধ কৰি নহয় ‘আৰ্ট অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?
আন এজন নেটনাগৰিকে কয় যে ইউটিউবাৰজনে নিয়ম উলংঘা কৰি মক্কাত প্ৰৱেশ কৰাৰ বাবে ছৌদি আৰৱত মৃত্যুদণ্ডৰ সন্মুখীন হ’ব পাৰে। মক্কাত প্ৰৱেশ কৰিবলৈ মুছলমানৰ ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰাৰ বাবে ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীও কৰা হৈছে৷
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ছৌদি কৰ্তৃপক্ষক টেগ কৰি ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী কৰিছে। লোকজনে ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে এটা ভিডিঅ’ও পোষ্ট কৰে।
উল্লেখ্য যে এই দাবী কৰাৰ তেলেগু YouTuberৰ গৰাকীৰ ৬ লাখৰো অধিক subscriber আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ