অসম লাইভ ২৪ঃ
ব্যৱসায়ঃ ব্যৱসায়ৰ ক্ষেত্ৰত জাৰ্মানী আৰু ভাৰতৰ পুৰণা সমন্ধ আছে। বিগত বিত্তীয় বৰ্ষত জাৰ্মানীয়ে ভাৰতৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছিল। যাৰ ভিতৰত আছে – স্মাৰ্টফোন, কাপোৰ, জৈৱ ৰাসায়নিক পদাৰ্থ, জোতা, চামৰাৰ সামগ্ৰী, লো আৰু তীখাৰ সামগ্ৰী আৰু গাড়ীৰ উপাদানসহ ইলেক্ট্ৰনিক সামগ্ৰী। কিন্তু হঠাৎ ভাৰতৰ ৰপ্তানি উদ্যোগত সৃষ্টি হৈছে এক উদ্বেগৰ। ইয়াৰ কাৰণ হৈছে যে, একেৰাহে যোৱা তিনি মাহত জাৰ্মানীৰ জিডিপি ক্ৰমানয়ে হ্ৰাস পাইছে। ফলত জাৰ্মানীত এতিয়া বিত্তীয় মন্দাৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন কোম্পানীয়ে ইতিমধ্যে ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হৈছে। ফলত এতিয়া ভাৰতত আশংকা প্ৰকাশ পাইছে যে, জাৰ্মানী বিত্তীয় মন্দাৱস্থাই ভাৰত আৰু জাৰ্মানীৰ ব্যৱসায় ক্ষেত্ৰতো প্ৰভাৱ পেলাব। ফলত দেশত তৈয়াৰ কৰা সকলো সামগ্ৰীৰ বিক্ৰী হ্ৰাস হ’ব পাৰে। যাৰ ভিতৰত আছে জোতা, কাপোৰ, চামৰাৰ বিভিন্ন সামগ্ৰী।
উল্লেখযোগ্য যে, জাৰ্মানী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ অৰ্থনীতি। কিন্তু দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, বৰ্ধিত মূল্য আৰু বিভিন্ন দেশৰ শীৰ্ষ বেংকসমূহে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সূতৰ হাৰ বৃদ্ধি কৰাৰ ফলত বিগত কিছু দিনৰ পৰা পৰা বিশ্বৰ বজাৰত চাহিদা হ্ৰাস পাই আহিছে। ৰপ্তানিৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্ট।
তথ্য অনুসৰি, জাৰ্মানীয়ে যোৱা বিত্তীয় বৰ্ষত (২০২২-২৩) ভাৰতৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছিল। যাৰ ভিতৰত আছে কেতবোৰ যন্ত্ৰ, স্মাৰ্টফোন, কাপোৰ, জৈৱ ৰাসায়নিক পদাৰ্থ, জোতা, চামৰাৰ সামগ্ৰী, লো আৰু তীখাৰ সামগ্ৰী, গাড়ীৰ উপাদানসহ ইলেক্ট্ৰনিক সামগ্ৰী। মুম্বাইস্থিত ৰপ্তানিকৰ্তা আৰু টেকনোক্ৰাফ্ট ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ শাৰদ কুমাৰ শৰাফে কয় যে, দেশখনে ২০২২ বৰ্ষত ১০.২ বিলিয়ন ডলাৰ (প্ৰায় ৮৪,২১১ কোটি টকা) মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছিল।
বিত্তীয় উপদেষ্টা GTRIৰ সহ-প্ৰতিষ্ঠাপক অজয় শ্ৰীবাস্তৱে দাবী কৰিছে যে, দেশৰ ৰপ্তানি প্ৰায় ২বিলিয়ন ডলাৰ (প্ৰায় ১৬,৫১২ কোটি টকা) হ্ৰাস পাব পাৰে। মন্দাৱস্থাৰ প্ৰভাৱ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত প্ৰথমে পৰে। ফলত ভাৰতৰ পৰা ৰপ্তানী হোৱা স্মাৰ্টফোন, জোতা, কাপোৰ, চামৰাৰ সামগ্ৰী আৰু আন বহুতো বস্তুৰ বিক্ৰীতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। বস্ত্ৰ ৰপ্তানি উদ্যোগ সংস্থা AEPC-ৰ অধ্যক্ষ নৰেন্দ্ৰ গোয়েঙ্কাৰ মতে, “জাৰ্মানীৰ মন্দাৱস্থাৰ ফলত ভাৰতত ৰপ্তানি হ্ৰাস পাব। ব্যৱসায় কমেও ১০ শতাংশলৈ হ্ৰাস হ’ব পাৰে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ