আগন্তুক ২৭ জুন ২০২৫ শুকুৰবাৰে পালিত হব জগন্নাথৰ ৰথযাত্ৰা৷ পুৰীৰ মন্দিৰৰ পৰা ৰথত উঠি মাহিয়েক গুণ্ডিচাৰৰ ঘৰলৈ যাত্ৰা কৰে জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ প্ৰচলিত বিশ্বাস যে কলিযুগত পুৰীৰ জগন্নাথৰূপে অৱস্থান কৰিছে শ্ৰীকৃষ্ণই৷ ককায়েক বলৰাম আৰু ভনীয়েক সুভদ্ৰাৰ সৈতে সকলোকে পূজা কৰা হয়৷ পুৰীৰ জগন্নাথ মন্দিৰৰ কেইবাটাও ৰহস্য আজিও বহুতে নাজানে৷ এনে কেইটামান ৰহস্যৰ কথা ৰথযাত্ৰাৰ পূৰ্বে জানি থোৱা প্ৰয়োজন৷
বতাহৰ ওলোটা দিশে উৰে পতাকাখন
জগন্নাথ মন্দিৰৰ শীৰ্ষ যি পতাকা উৰে সেয়া সকলো সময়তে ওলোটা দিশেৰে উৰে৷ ১৮০০ বছৰৰ পুৰণি প্ৰথা মানি প্ৰতিদিনে মন্দিৰৰ চূড়াচ উঠি এই পতাকা পৰিবৰ্তন কৰা হয়৷ ৪৫ মহলীয়া বিল্ডিঙৰ সমান ওখ মন্দিৰত কোনো সুৰক্ষা কবচ অবিহনে খালি হাতেৰেই প্ৰতিদিনে মন্দিৰৰ চূড়াত উঠে সেৱক৷
পুৰীৰ মন্দিৰৰ ছায়া নপৰে
দিনৰ যি সময়েই নহওক কিয় সূৰ্য আকাশত যি অৱস্থানেই নলওক কিয় জগন্নাথ মন্দিৰৰ ছায়া মাটিত নপৰে৷ কি প্ৰযুক্তিত তৈয়াৰ হোৱাৰ ফলত এই সুউচ্চ মন্দিৰৰ ছায়া মাটিত নপৰে সেয়া আজিও বিষ্ময়৷ এই ৰহস্যৰ উদঘাটন আজিও সম্ভৱ নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















