আসন্ন সময় উৎসৱৰ সময়৷ এই সময়তেই পৰিছে আদিত্যমঙ্গল ৰাজযোগ৷ এই ৰাজযোগৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ এফালে গ্ৰহৰ সেনাপতি মঙ্গল আৰু অন্যহাতে গ্ৰহৰাজ সূৰ্য৷ এই দুই যোগত আহিছে আদিত্যমঙ্গল ৰাজযোগ৷ এই যোগ অক্টোবৰ মাহত আছে৷ ১৭ অক্টোবৰত আছে আদিত্যমঙ্গল যোগ৷ এই যোগৰ ফলত একাধিক ৰাশি লাভাম্বিত হব৷ কোনে কোনে লাভ পাব এই যোগত?
মেষ ৰাশি
দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এইবাৰ শেষ হব৷ নতুন কোনো কাম এই সময়ত আৰম্ভ কৰিব পাৰে৷ যি ব্যক্তিয়ে নতুন কাম আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময়কাল খুবেই ভাল৷ ভাগ্যৰ সহায়তা লাভ কৰিব৷ প্ৰমোছনৰ প্ৰৱল সুযোগ পাব৷ যিকোনো কামতেই সাফল্য পাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভালেই থাকিব৷
বৃষ ৰাশি
এই ৰাশিৰ জাতক জাতিকাই আইনী ক্ষেত্ৰত ভাল লাভ পাব৷ পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি চলা সমস্যা এইবাৰ দূৰ হব৷ বৃহস্পতিৰ দৃষ্টি পৰাৰ ফলত এইবাৰ নানান ধৰণৰ ৰোগৰ পৰা মুক্তি পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে বিশেষ লাভ পাব৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময় শুভ৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে লাভ পাব৷ সকলো দিশতে ভাগ্য খুলিব পাৰে৷
তুলা ৰাশি
এই সময়ত আদিত্য মঙ্গল ৰাজযোগে ভাল ফল দিব৷ জাতক জাতিকাই ভাগ্যৰ ভাল সংগ পাব৷ ৰৈ থকা টকা হাতলৈ আহিব৷ চাকৰিৰ বাবে এই সময়কাল খুবেই লাভদায়ী হব৷ কৰোবালৈ দীৰ্ঘ যাত্ৰাত গলে আপুনি লাভ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















