‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ
আজি ১৯ ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ দ্বিতীয় দিন ৰাজধানী দিছপুৰৰ সংসদ ভৱনত অনুষ্ঠিত হয়। এই অধিৱেশনৰ প্ৰথম দিনটো ইতিহাস ৰচি ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হৈছিল।
আজি সদনৰ মজিয়া লোণৰ প্ৰসংগৰ বাবে উত্তাল হৈ পৰে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দি বিৰোধীক তীব্ৰৰ কটাক্ষ কৰে।
‘বিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’, ‘বিধানসভাৰ বাহিৰত বিৰোধীয়ে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোণ লৈ অসম ধ্বংস কৰিলে বুলি আস্ফালন কৰে’ । লগতে সদনত ‘ভূতৰ মুখত ৰাম নাম’ বুলি বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ।
অসম বিধানসভাত আজি লোণৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। আজি বিধানসভাত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰীকাই এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক লোণ সম্পৰ্কত ৰাইজক বিপথে পৰিচালিত নকৰিবলৈও আহ্বান জনায়।
উল্লেখ্য যে আজি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং, দৰিকা আৰু জাঁজী নদীৰ বান সমস্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷ বিধায়কজন জিলাখনৰ কেইবাটাও সমস্যা জলসম্পদ বিভাগে সমাধান কৰি দিয়াৰ কথাও সদনত উল্লেখ কৰে৷ বিধায়কজনে সমষ্টিটোত আমগুৰিলৈকে ২৬ কিলোমিটাৰ মথাউৰিৰ ১১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা বুলি উল্লেখ কৰে। বিধায়কজনে ইয়াৰ কাৰণে এছিয়ান ডেভলপমেণ্ট বেংক তথা বিশ্ব বেংকৰ এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে বুলি উল্লেখ কৰি এই প্ৰজেক্ট যদি হৈ নুঠে, তেন্তে শিৱসাগৰখন বানপানীৰ কবলত পৰিব বুলি কয়৷ এই প্ৰজেক্টটোৰ বৰ্তমান কি পৰ্যায়ত আছে সেই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে মন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ বিচাৰে৷
মন্ত্ৰী পীযুষ হাজৰীকাই সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে, সদনত আজি ভূতৰ মুখত ৰাম নাম হৈছে৷ সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই সংবাদমেলেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক প্ৰকাশ কৰে যে চৰকাৰখনে লোণ লৈ অসমখন ধ্বংস কৰিলে৷ কিন্তু তেওঁ আজি লোণ ল’বলৈ পৰামৰ্শ দিলে৷ তেওঁক এডিবিৰ পইচা লাগে৷ এছিয়ান ডেভলপমেণ্টৰ টকাৰে তেওঁৰ সমষ্টিত উন্নয়ন লাগে, গতিকে তেওঁ আমাৰ লোণ লোৱাৰ যি প্ৰক্ৰিয়া তাক ন্যাৰ্যতা প্ৰদান কৰিলে।
মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈৰ সমষ্টিত যথেষ্ট কাম কৰাৰ কথা উল্লেখ কৰে৷ যাৰ বাবে অখিল গগৈয় মন্ত্ৰীগৰাকীক ধন্যবাদ দিয়া বুলিও কয়৷ আজিৰ সদনত মন্ত্ৰীগৰাকীয়েও বিধায়কগৰাকীক প্ৰতি ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ সমষ্টিত এডিবিত প্ৰথম পৰ্যায়ত ৩৪৮ কোটি টকাৰ কাম কৰিবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত সেইখিনি কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷ আনহাতে, এডিবিৰ দ্বিতীয় পৰ্যায়ৰ যাতে কাম কৰিব পাৰে প্ৰত্যেক ১৫ দিনৰ পাছত ফ্ৰেমাৰ অফিচত বৈঠক অনুষ্ঠিত কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে যিমানকেইখন জিলাত এডিবিৰ কাম চলি আছে তাৰ অভিযন্তা, ঠিকাদাৰৰ সৈতে বৈঠক কৰি থকা হয়।
মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰচেষ্টাত যদি সক্ষম হয় তেতিয়াহ’লে শিৱসাগৰ জিলাত ৪৪৮ কোট টকা, গোলাঘাটত ৪৬৩ কোটি টকা, যোৰহাটত ৪৪৪ কোটি টকা, ধেমাজিত ৩৭৯ কোটি টকা মুঠ ১৬৪২ কোটি টকা এইবছৰ ল’বলৈ সক্ষম হ’ব। আৰু যদি সক্ষম হয় নৱেম্বৰ বা ডিচেম্বৰত তাৰ কামো আৰম্ভ হ’ব। ঠিক তেনেকৈ বিশ্ব বেংকৰো কামৰ প্ৰক্ৰিয়া চলাই থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্ব বেংকৰ পৰাও প্ৰায় ৫০০ কোটি টকা পাব বুলি কয়। যদি কামখিনিত সফল হয় অহা বছৰ বিশ্ব বেংক এডিবিৰ প্ৰায় ২২ শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব বুলি সদনত জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ