অসম লাইভ২৪ঃ এয়া সপোন নহয়৷ শুনি আচৰিতো নহ’ব৷ এইবাৰ মঙলমুখী যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশেও৷ বাংলাদেশৰ প্রধানমন্ত্ৰীয়ে জনোৱা অনুসৰি এইবাৰ তেওঁলোকেও আকাশত বসতি স্থাপনৰ দেখিছে৷ সকলোৱে পিছপৰা বুলি কৈ অহা বাংলাদেশে এইবাৰ মঙল গ্ৰহলৈ পঠিয়াব যান৷ এই লক্ষ্য লৈয়েই কাম আৰম্ভ কৰিছে বাংলাদেশৰ ব্ৰেক বিশ্ববিদ্যালয়ে৷ তেওঁলোকে আৰম্ভ কৰিছে ৰোবোটিক প্ৰজেক্ট৷
এই বিশেষ যানখনক তেওঁলোকে নাম দিছে ‘মঙলতৰী’ এই ৰোবোটিক প্ৰজেক্ট আৰম্ভ হৈছে ২০১৫চনতেই৷ ব্ৰেক বিশ্ববিদ্যালয়ৰ ১১ জন শিক্ষাৰ্থীয়ে পোনতে এই প্ৰজেক্ট আৰম্ভ কৰিছিল৷ বৰ্তমান সেই কামৰ সৈতে যুক্ত হৈ আছে ৪০জন লোক৷ এই প্ৰজেক্টক ৯টা ভাগত ভাগ কৰা হৈছে৷ তেওঁলোকৰ এটা গোটে তৈয়াৰ কৰিছে ৰোভাৰ৷ যি মাৰ্কিন গৱেষণা সংস্থা নাছাৰ ৰোভাৰৰ সৈতে সম্পূৰ্ণ একেই৷ মঙলৰ ৰহস্য উন্মোচনৰ বাবে ২০৩০ চনত এই অভিযান চলাব বাংলাদেশে৷ এই ৰোভাৰ কিন্তু বাংলাদেশে নিজৰ মন যোৱা ধৰণেই পঠিয়াব নোৱাৰিব৷ তাৰ পৰিবৰ্তে তেওঁলোকে নাছাৰ সৈতে মিলি কাম আগবঢ়াই নিব লাগিব৷ নাছাই তেওঁলোকৰ এই ৰোভাৰক স্বীকৃতি দিলেহে তেওঁলোকে যানখন পঠিয়াব পাৰিব৷ বাংলাদেশে যি যান তৈয়াৰ কৰিছে সেই যানত আছে সাধাৰণ বাহনৰ দৰেই চাৰিটা চকা৷ এই যান চলাবলৈ কোনোধৰণৰ ইন্ধন নালাগে৷ বাহনখনত থকা পেডেলৰ সহায়তেই মঙলৰ বুকুত ঘণ্টাৰ ২০ কিঃমিঃ গতিত যাত্ৰা কৰিব যানখনে৷
এই বাহনৰ টকাত টিউবৰ পৰিবৰ্তে ব্যৱহাৰ কৰা হৈছে স্প্ৰিং৷ ইয়াৰোপৰি দুৰ্ঘটনা বা চিঙি যোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰ কৰা হৈছে ৰাবাৰ বেল্ট৷ মঙলৰ অসমতল ভূমিত যাতে চলাফুৰা কৰোতে অসুবিধা নহয় তাৰবাবে আছে ছক ছাচপেঞ্চন চিষ্টেম৷ বাহনৰ গতি, তাপমাত্ৰা পৰিমাপৰ বাবে আছে বিশেষ চেঞ্চৰ৷ তাৰ সৈতে আছে ভিডিঅ’ৰ বাবে ৬০ কেমেৰা৷ মঙল অভিযানৰ মন মেলা বিশ্ববিদ্যালয়ৰ অধ্যাপকে কয়, ‘বিভিন্ন আন্তৰ্জাতিক ৰোবোটিক প্ৰতিযোগিতাত পঢ়ুৱৈসকলে বেছ সুনাম কঢ়িয়াই আনিছে৷ ভাল ইকুইপমেণ্ট আৰু কমপনেন্টৰ অভাৱত পিছপৰি আছে৷ কিন্তু তাৰপাছতো আমি কাম কৰিবলৈ আৰম্ভ কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ