প্ৰাচীন ভাৰতৰ সৰ্বশাস্ত্ৰজ্ঞ আচাৰ্য চাণক্যই তেওঁ লিখা গ্ৰন্থত জীৱনৰ নানান দিশ সম্পৰ্কে উপদেশ আৰু পৰামৰ্শ দিছে৷ চাণক্য ৰচিত চাণক্য নীতি সমগ্ৰ বিশ্বতেই জনপ্ৰিয় আৰু সমাদৃত৷ হাজাৰ বছৰ পূৰ্বে দিয়া তেওঁৰ উপদেশে আমাৰ আধুনিক জীৱনতো একেদৰেই কাৰ্যকৰী৷ কূটনীতিজ্ঞ চাণক্যই মানৱ চৰিত্ৰ অত্যন্ত ভালকৈ বুজিছিল৷ নাৰী আৰু পুৰুষৰ চৰিত্ৰক লৈ বিশদ বাখ্যা তেওঁ কৰি গৈছে৷ চাণক্যৰ মতে চৰিত্ৰৰ দিশৰ পৰা মহিলাসকল পুৰুষতকৈ বহুগুণে উন্নত৷ তেওঁ মহিলাৰ চৰিত্ৰৰ চাৰিটা বৈশিষ্ট্যৰ কথা জনাইছে৷ চৰিত্ৰৰ এই চাৰি গুণেই মহিলাসকলক পুৰুষতকৈ বহু উন্নত কৰিছে বুলিও তেওঁ কৈ গৈছে৷
মহিলাৰ ভোক বেছি
চাণক্যই কৈছে যে পুৰুষতকৈ মহিলাৰ ভোক বেছি৷ সেয়ে মহিলাসকলৰ শৰীৰ বেছি পুষ্ট হয় আৰু মহিলাসকলৰ এনাৰ্জিও পুৰুষতকৈ বেছি৷ পুৰুষতকৈ মহিলাই বেছি কাম কৰে আৰু দিনজুৰি বহু বেছি এক্টিভ থাকে৷ সেয়ে মহিলাসকলৰ ভোক বেছি৷ ভোক বেছি থকাৰ বাবে তেওঁলোকৰ কৰ্মক্ষমতাও পুৰুষতকৈ বেছি বুলি চাণক্যই কৈ গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ