একেৰাহে দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসৰ ৩৫ বছৰীয়া অভিলেখ ভংগ কৰিছে যোগী আদিত্যনাথে৷
৩৫ বছৰৰ পিছত উত্তৰ প্ৰদেশত ইতিহাস ৰচি যোগী আদিত্যনাথে শুকুৰবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷
শপত গ্ৰহণৰ পূৰ্বে যোগী আদিত্যনাথক এক আৱেগিক আহ্বান জনাইছে যোগীৰ জ্যেষ্ঠ ভগ্নীয়ে৷ উত্তৰাখণ্ডৰ হৃষীকেশৰ নীলকণ্ঠ মন্দিৰত চাহ বিক্ৰী কৰা যোগী আদিত্যনাথৰ জ্যেষ্ঠ ভগ্নী শশী সিঙে যোগীয়ে শপত গ্ৰহণৰ পূৰ্বেই এবাৰ মাতৃক দেখা কৰিবলৈ কাতৰ আহ্বান জনাইছে৷
লগতে পঢ়ক মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ
সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত ভগ্নী শশী সিঙে কয় যে মাত্ৰ ১৮ বছৰৰ বয়সতে অজয় বিষ্ণ(যোগী আদিত্যনাথ)ই ঘৰৰ পৰা ওলাই গৈছিল৷ ঘৰৰ মানুহে অজয় বিষ্ণই ঘৰ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপন কৰিবলৈ গৈছে বুলি জানিব পৰা নাছিল৷ ১৮ বছৰ বয়সতে ঘৰ পৰিয়াল ত্যাগ কৰি ওলাই যোৱা এই অজয় বিষ্ণই যোগী আদিত্যনাথ নাম লৈ সন্ন্যাসীৰ জীৱন ধাৰণ কৰে৷
হিন্দুত্ব দৰ্শনত দীক্ষিত হোৱা যোগীয়ে পিছলৈ ৰাজনীতিত ভৰি থৈ প্ৰথমে সাংসদ হয় আৰু ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়৷ ইয়াৰ পিছৰে পৰা কট্টৰপন্থী হিন্দুত্ববাদী নেতাজনে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷
লগতে পঢ়ক দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ
উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে এতিয়া যোগী আদিত্যনাথৰ মাতৃয়ে নিজ পুত্ৰক সাক্ষাৎ কৰিবলৈ আতুৰ হৈ আছে৷
সেয়ে জ্যেষ্ঠ ভগ্নী শশী সিঙে মাতৃক সাক্ষাৎ কৰিবলৈ যোগীক আহ্বান জনাইছে৷ ভগ্নী শশীয়ে জনোৱা অনুসৰি ১৮ বছৰত ঘৰ ত্যাগ কৰাৰে পৰা নিজ মাতৃক সাক্ষাৎ কৰা নাই যোগীয়ে৷ সেয়ে যোগীক এইবাৰ শপত গ্ৰহণ কৰাৰ পূৰ্বে মাতৃক এবাৰ সাক্ষাৎ কৰিবলৈ কাতৰ আহ্বান জনাইছে জ্যেষ্ঠ ভগ্নী শশী সিঙে৷
উল্লেখ্য যে যোগী আদিত্যনাথৰ মাতৃয়ে উত্তৰাখণ্ডত বাস কৰে৷ মুখ্যমন্ত্ৰী যোগীক জ্যেষ্ঠ ভগ্নী শশীয়ে পাহাৰ অৰ্থাৎ উত্তৰাখণ্ডৰ বাবে কিবা এটা কৰাতো বিচাৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















