অসম লাইভ ২৪ঃ নিৰ্বাচনৰ ধুমুহা কেৱল পৌৰ নিৰ্বাচন বা উপ-নিৰ্বাচনতে বলা নাই। গোলাঘাট অধিবক্তা সন্থাৰ বিষয়ববীয়াৰ মাজতো বলিছে নিৰ্বাচনী বতাহ। আজি অনুষ্ঠিত হৈছে গোলাঘাট অধিবক্তা সন্থাৰ নিৰ্বাচন।
যাৰ পৰিপেক্ষিতত এক উখল-মাখল পৰিৱেশ গোলাঘাট অধিবক্তা সন্থাৰ কাৰ্যালয়ত।পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচন প্ৰক্ৰিয়াত ২১ টা পদৰ বাবে ৪৫ জনৰো অধিক অধিবক্তাই বিভিন্ন পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
SEE MORE: কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?
ইয়াৰে সভাপতি পদৰ বাবে ২ জন। সম্পাদক পদৰ বাবে ৩ জন। উপ-সভাপতি পদৰ বাবে ৪ জন। সহকাৰী সম্পাদক পদৰ বাবে ৩ জন। কোক্ষাধ্যক্ষ পদৰ বাবে ২ জন। হিচাব পৰীক্ষক পদৰ বাবে ৩ জন। গ্ৰন্থাগাৰৰ পদৰ বাবে ২ জন। কাৰ্যনিৰ্বাহক সদস্য পদৰ বাবে ২৬ জন অধিবক্তাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
SEE MORE: দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত
আজি অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মুঠ ৩১৬ গৰাকী অধিবক্তা ভোটাৰে পৰৱৰ্তী গোলাঘাট অধিবক্তা সন্থাৰ নতুন সমিতিখন গঠন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ