এইখন অসমতে মানৱ সমাজক লজ্জানত কৰা অন্য এক ঘটনা সংঘটিত হৈছে৷ ঘটনাটো সংঘটিত হৈছে বিশ্বনাথ জিলাৰ গড়পুৰত৷
প্ৰকাশিত খবৰ মতে যোৱা ১১ আগষ্টত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগনি কছাৰী গাঁও নিবাসী ভীমলাল গোড়ৰ পুত্ৰ চুৰেন গৌড় (৪৫)ৰ পত্নী লাকী গৌড়ে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটি সুস্থ কন্যা সন্তান জন্ম দিয়ে।
ইয়াৰ পিছতে কন্যা সন্তানটিৰ পিতৃয়ে তেওঁৰ পত্নীয়ে এটা মৃত সন্তান প্ৰসৱ কৰা বুলি পৰিয়ালক অৱগত কৰি লখিমপুৰৰ এজন পুৰোহিত ৬ হাজাৰ টকাত বিক্ৰী কৰে৷
লগতে পঢ়ক কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ
ছিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দি অচেতন অৱস্থাত থকা পত্নীৰ অজ্ঞাতে স্বামী নৱজাতিকাৰ পিতৃ চুৰেন গৌড়ে এই কাণ্ড সংঘটিত কৰে যদিও পত্নী তথা কন্যা সন্তানটিৰ মাতৃ লাকী গৌড়ে পিছত এটি সুস্থ কন্যা সন্তান জন্ম দিয়া বুলি জানিব পাৰে৷ কিন্তু স্বামীয়ে ভাবুকি প্ৰদাত কৰাত তেওঁ সেই বিষয়ে মুখ খোলাৰ পৰা বিৰত থাকে৷
সন্তানহীনভাৱে বোৱাৰীয়েকক পুত্ৰই ঘৰলৈ যোৱাৰ পিছত অভিযুক্ত চুৰেন গৌড়ৰ পিতৃ ভীমলাল গৌড়ৰ সন্দেহ উপজে আৰু তেওঁ আৰক্ষীৰ কাষ চাপে৷ পিতৃ ভীমলাল গৌড়ে ঘটনা সন্দৰ্ভত পুত্ৰৰ চুৰেন গৌড়ৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে কন্যা সন্তানটিৰ পিতৃ চুৰেন গৌড়ক জেৰা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷
লগতে পঢ়ক ১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
আৰক্ষীয়ে প্ৰকাশ কাৰ ঘটনাৰ বিৱৰণীৰ মতে কন্যা সন্তানটি জন্ম হোৱাৰ পিছতে পত্নী সংজ্ঞাহীন হৈ থকা অৱস্থাত পিতৃ চুৰেন গৌড়ে টোপনি গোড়ালা নামৰ এগৰাকী মহিলাৰ সহযোগত লখিমপুৰৰ লীলাবাৰীৰ পূজাৰী কৃষ্ণপ্ৰসাদ উপাধ্যায় (৪৬) নামৰ এজন লোকক ৬ হাজাৰ টকাত বিক্ৰী কৰে৷
ইয়াৰ পিচতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত আৰু উপ-পৰিদৰ্শক ধীৰাজ নমঃশূদ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই লখিমপুৰৰ লীলাবাৰীৰ পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায় (৪৬)ৰ ঘৰৰ পৰা নৱজাতক কন্যা সন্তানটিক সুস্থ অৱস্থাত উদ্ধাৰ কৰি নৱজাত সন্তানটিক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত মাতৃৰ হাতত চমজাই দিয়ে।
কন্যা শিশুটি উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে তিনি অভিযুক্ত ক্ৰমে চুৰেন গৌড়, টোপনি গোৱালা আৰু কৃষ্ণ প্রসাদ উপাধ্যায়ৰ বিৰুদ্ধে ১৩੦/২੦২২ নম্বৰত এটা গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে।
ইফালে চিকিৎসালয়ৰ প্ৰসূতি গৃহৰ পৰা নৱজাত সন্তান নি বিক্ৰী কৰিবলৈ সাহস কৰা বিষয়টোৱে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাস্তৱ ছবি প্রতিফলিত কৰি তুলিছে বুলিও স্থানীয় লোকে মন্তব্য কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ