ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰি থকাৰ মাজতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ এটা ভাষণ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে।
পাকিস্তানৰ ৰাজনৈতিক অচলাৱস্থা আজি নিশা ৮ বজাৰ পিছতে অন্ত পৰা সম্ভাৱনা আছে৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা শনিবাৰে নিশা ৮ বজাত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত পাকিস্তানৰ সংসদত ইমৰানৰ বিৰুদ্ধে আস্থা প্ৰস্তাৱো অনা হৈছিল। কিন্তু উপাধ্যক্ষজনে ৭ মিনিটৰ ভিতৰত সেই বিৰোধীৰ প্ৰস্তাৱ নাকচ কৰিছিল।
লগতে পঢ়ক খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?
জ্যেষ্ঠ পাকিস্তানী সাংবাদিক হামিদ মীৰৰ মতে, ভাৰতৰ প্ৰশংসা কৰা ইমৰান খানৰ মন্তব্য আৰু অনাস্থা প্ৰস্তাৱ এৰাই চলিবলৈ চেষ্টা কৰাৰ মাজত এক ডাঙৰ বিৰোধ আছে৷
জিঅ’ টিভিত হামিদ মীৰে কয়, ‘‘ইমৰান খানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা শিকিব লাগে, যেতিয়া বাজপেয়ী চাহেবে জানিব পাৰিছিল যে তেওঁৰ চৰকাৰ এটা ভোটত পিছ পৰি আছিল তেতিয়া তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ পদত্যাগ পত্ৰ প্ৰদান কৰে৷ ইমৰান খান চাহেবে ভাৰতৰ ইমান প্ৰশংসা কৰিছে, তেন্তে তেওঁলোকে এইবোৰ কিয় কাৰ্যকৰী কৰা নাই?’’
ইমৰান খানৰ ভাষণৰ কথা উল্লেখ কৰি হামিদ মীৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি কয় যে ইমৰান খানে বাৰে বাৰে ভাৰতৰ কথা উল্লেখ কৰি ইয়াৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰি আহিছে।
লগতে পঢ়ক অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!
কিন্তু তেওঁ পাহৰি গৈছে যে কিছু সময় আগতে, তেওঁহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হিটলাৰৰ সৈতে তুলনা কৰিছিল৷
উল্লেখ্য যে শনিবাৰে দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকসভাত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত দিয়া এটা ভাষণৰ শেষাংশ সামাজিক মাধ্যম টুইটাৰৰ ট্ৰেণ্ডত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ