পূব দিল্লীৰ লক্ষ্মী নগৰ অঞ্চলত মঙলবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। এজন লোকে নিজৰ পত্নীক ছুৰীৰে আঘাত কৰাৰ লগতে পুত্ৰকো হত্যা কৰিছে। ইয়াৰ পাছতে নিজকো ছুৰীৰে আক্ৰমণ কৰি আত্মহত্যা কৰে৷
আৰক্ষী প্ৰকাশ কৰা অনুসৰি নীৰজ নামৰ (৪২) লোকজনে প্ৰথমে পত্নী (৩৭)ক ছুৰীৰে আক্ৰমণ কৰে৷ পিতৃৰ আক্ৰমণৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ অহা ১৩ বছৰীয়া পুত্ৰকো পিতৃয়ে ছুৰীৰে আক্ৰমণ কৰে৷
ছুৰীৰ আক্ৰমণত আহত পুত্ৰই ঘৰৰ বাহিৰলৈ গৈ চুবুৰীয়াৰ সহায় বিচাৰি চিঞৰিবলৈ ধৰে৷ ইফালে লোকজনে পত্নী পুত্ৰক আক্ৰমণ কৰাৰ পাছতে নিজৰো শৰীৰটো কেবাবাৰো ছুৰীৰে আঘাত কৰে৷
লগতে পঢ়ক এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!
লোকজনৰ পুত্ৰৰ চিঞৰ বাখৰ শুনি চুবুৰীয়াই নীৰজৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নীৰজ আৰু পত্নী জ্যোতিক মজিয়াত তেজেৰে তুমৰলি হৈ পৰি থকা দেখা পায়৷ চুবুৰীয়াই ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত তিনিওকে উদ্ধাৰ কৰি হেডগেৱাৰ হাস্পতালত ভৰ্তি কৰোৱায়৷
হেডগেৱাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আঘাতপ্ৰাপ্ত পত্নীৰ মৃত্যু ঘটে৷ ইফালে নীৰজক উন্নত চিকিৎসাৰ বাবে জিটিবি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তাতে তেওঁৰ মৃত্যু হয়৷ আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুত্ৰ গৌৰৱ বৰ্তমানেও হেডগেৱাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চুবুৰীয়াই প্ৰকাশ কৰা মতে স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হৈ আহিছিল৷ আনকি স্বামীয়ে পত্নী জ্যোতিৰ লগতে ১৩ বছৰীয়া পুত্ৰ গৌৰৱকো প্ৰায়ে শাৰীৰিক অত্যাচাৰ কৰি আহিছিল৷
লগতে পঢ়ক শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ
চুবুৰীয়াৰ মতে স্বামী নীৰজে পত্নী জ্যোতিক জন্তুৰ দৰে অত্যাচাৰ কৰিছিল৷ আনকি পিতৃ নীৰজে পুত্ৰক আট্টালিকাৰ চতুৰ্থ মহিলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈও প্ৰায়ে জোৰ দি আহিছিল বুলিও প্ৰকাশ পাইছে৷
পত্নী-স্বামীৰ মাজত সম্পত্তি কেন্দ্ৰিক বিবাদো চলি আহিছিল বুলিও প্ৰকাশ পাইছে৷ ইফালে পত্নীৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিও স্বামী নীৰজে প্ৰায়ে অত্যাচাৰ চলাই আহিছিল আৰু পত্নী জ্যোতিয়ে এই সম্পৰ্কে দিল্লী মহিলা আয়োগৰ লগতে মহিলা অপৰাধ শাখাতো অভিযোগ দাখিল কৰিছিল৷
আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত কয় যে আৰ্থিক আৰু সম্পত্তিৰ বিবাদৰ বাবে স্বামী-স্ত্ৰীৰ মাজত বিবাদ আৰম্ভ হৈছিল। নীৰাজে পত্নীৰ চৰিত্ৰক লৈও সন্দেহ কৰি আহিছিল। আৰক্ষীয়ে এই দুয়োটাকে হত্যাকাণ্ডৰ আঁৰৰ কাৰণ বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আত্মীয়-স্বজন, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়াক সোধা-পোছা কৰি লক্ষ্মী নগৰ আৰক্ষী থানাই ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















