অসম লাইভ ২৪ঃ এটা কথা সকলোৰে পৰিলক্ষিত হৈছে যে সমগ্ৰ বিশ্বতে কিছু বছৰৰ পূৰ্বৰে পৰা মুছলমান বা ইছলামৰ ওপৰত বিদ্বেষ ভাৱ বৃদ্ধি পাইছে বিভিন্ন লোকৰ মাজত। দেখা যায় যে বিশ্বৰ বহু দেশত মুছলমানক বা ইছলামক অতি হেয়জ্ঞান কৰা হয় আৰু ইয়াৰ প্ৰধান কাৰণ হ’ল ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ উগ্ৰতা বা মুছলমানৰে একাংশ লোকৰ অমানুহৰ দৰে কৰা কাণ্ড-কাৰখানা।
আৰু মুছলমান লোকৰ দ্বাৰা সংঘটিত কৰা এনেবোৰ উগ্ৰ ঘটনাৰ বাবেই বিভিন্ন সময়ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে বিশ্ব সম্প্ৰদায়ৰ মাজত। শেহতীয়াকে ইছলামফ’বিয়াৰ ওপৰত ইউৰোপত কৰা এক ক্ষেত্ৰভিত্তিক অধ্যয়নত ধৰা পৰিছে কেতবোৰ চিন্তনীয় তথ্য। ইউৰোপৰ প্ৰতি ১০জন লোকৰ ভিতৰত ৪ লোকেই ইছলাম বা মুছলমাক লৈ সন্তুষ্ট নহয় বুলি মত প্ৰকাশ কৰিছে।
অথাৎ ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ১০০ শতাংশৰ ভিতৰত ৪০ শতাংশ লোকৰ ইছলামৰ প্ৰতি বিদ্বেষভাৱ মনত সোমাই আছে। ইফালে এই তথ্য কেৱল ইউৰোপৰহে। ইউৰোপৰ লগতে বিশ্বৰ অন্য প্ৰান্তৰ ৰাষ্ট্ৰসমূহতো সমান্তৰালভাৱে দেখা পোৱা যায় মুছলমান বিদ্বেষ ভাৱ। সেয়েহে মুছলমানৰ প্ৰতি এনে বিদ্বেষ বা অসন্তুষ্টি ভাৱধাৰাক আঁতৰ কৰি ইছলামৰ প্ৰতি সদভাৱ উদয় কৰাবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰ্লিয়ামেণ্টত প্ৰণয়ন কৰিছে নতুন বিল ইছলামফ’বিয়া বিল।
এই বিলৰ জৰিয়তে বিশ্বৰ যি সমূহ ৰাষ্ট্ৰত ইছলামৰ প্ৰতি অত্যাচাৰ আৰু বিদ্বেষ ভাৱ আছে তেনে দেশসমূহ চিনাক্ত কৰা হ’ব। আৰু লগতে ভৱিষ্যতে যাতে সেইসমূহ দেশৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ